"মোৰ মা এগৰাকী শ্বহীদৰ বিধৱা, তেওঁক এই যুঁজ খনলৈ আনিব নালাগিছিল"- এই মন্তব্য কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ। দেশৰ বিভিন্ন ৰাজ্যত চলি আছে বিধানসভা নিৰ্বাচনৰ গৰম বতাহ। এই সময় চোৱাত বিভিন্ন দল- সংগঠন সমূহৰ মাজত অব্যাহত আছে বাত-বিতণ্ড।
কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কয় যে "বিজেপিয়ে মানুহৰ আৱেগৰ লগত খেলি আছে। মোৰ পৰিয়ালৰ সদস্য দেশৰ বাবে স্বহীদ হৈছিল।মোৰ আইতা আৰু পিতৃৰ দেহত গুলী লগা মোৰ মাই দেখিছে।মোৰ মাক এই যুঁজ খনত টানি আনি ভুল কৰিছে,এই যুঁজখন ৰাজনৈতিক ভাৱেই যুঁজিব লাগিছিল"।
গান্ধীয়ে কয় যে "বিজেপিয়ে চাকৰি নিদিলে আৰু সেয়ে নিৰ্বাচন অহাৰ লগে লগে ধৰ্মৰ কথা কোৱা আৰম্ভ কৰিছে।যি সকলে কংগ্ৰেছ এৰি সমাজবাদী পাৰ্টী অথবা বিজেপিত যোগদান কৰিছে তেওঁলোকে সত্যৰ লগত যুঁজ দিব পৰা নাই"।
ইয়াৰ পূৰ্বে শুকুৰবাৰে প্ৰিয়ংকা গান্ধীয়ে কয় যে , যিয়ে বিজেপিক মানি নচলে তেওঁলোকক সকলো ঘৰণে প্ৰতাৰিত কৰা হয়। সেইবাবে বিহাৰৰ মুখ্যমন্ত্ৰীকো আক্ৰমণ কৰিছে।
উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ মাজতে দল সমূহৰ মাজত চলি আছে ৰাজনৈতিক বাক-বিতণ্ডা। ইতিমধ্যে কেইটামান সমষ্টিত নিৰ্বাচন সমাপ্ত হ'লেও বাকী সমষ্টি সমূহৰ বাবে চলি আছে নিৰ্বাচনী প্ৰচাৰ।ইয়াৰ মাজতে এই মন্তব্য কৰে গান্ধীয়ে।