ৱায়নাডত প্ৰিয়ংকাই ৩লাখ ভোট পালে ৰাজনীতি এৰিব এগৰাকী বিজেপি মন্ত্ৰীয়ে...

ৱায়নাডত প্ৰিয়ংকাই ৩লাখ ভোট পালে ৰাজনীতি এৰিব এগৰাকী বিজেপি মন্ত্ৰীয়ে...
Published on
Updated on

ডিজিটেল ডেস্কঃ ৱায়নাড লোকসভা সমষ্টিৰ উপ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী প্ৰিয়ংকা গান্ধীয়ে ৩লাখ ভোট পালে ৰাজনীতি ত্যাগ কৰাৰ চেলেঞ্জ প্ৰদান কৰিছে এগৰাকী বিজেপি মন্ত্ৰীয়ে। উত্তৰ প্ৰদেশ চৰকাৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী দিনেশ প্ৰতাপ সিঙে এই চেলেঞ্জ প্ৰদান কৰিছে কংগ্ৰেছ দল তথা গান্ধী পৰিয়ালক। প্ৰিয়ংকা গান্ধীক পলৰীয়া আখ্যা দি দিনেশ প্ৰতাপে কয় যে, কেৱল মুখৰ কথাই ৰাজনীতিৰ বৈতৰণী পাৰ কৰিব নোৱাৰি, গান্ধী পৰিয়ালে কেৱল মুখৰ কথাই ৰাজনীতি কৰিব পাৰিম বুলি ভাৱে। এইবাৰ ইয়াৰ উচিত প্ৰত্যুত্তৰ পাব। '

উল্লেখ কৰা প্ৰয়োজন যে, এইগৰাকী দিনেশ প্ৰতাপ সিঙেই কিছুদিনৰ পূৰ্বে প্ৰিয়ংকা গান্ধীক বুঢ়ী বুলি কটাক্ষ কৰাৰ পাছতে গৰম হৈ পৰিছিল ৰাজনৈতিক পৰিৱেশ। এই বিৰ্তক নৌ মাৰ যাওতেই মন্ত্ৰীগৰাকীয়ে পুনৰ মুকলি প্ৰত্যাহ্বান জনাই কয় যে, ৰায়বেৰেলীত পৰাজয়ৰ ভূতে খেদি ফুৰাৰ বাবে প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনত অৱৰ্তীণ হোৱা নাছিল। কিন্তু এতিয়া কিয় ৱায়নাডত নিৰ্বাচনত অৱৰ্তীণ হৈছে প্ৰিয়ংকা গান্ধী? এনেবোৰ কথাৰ পৰাই প্ৰমাণ হয় যে, প্ৰিয়ংকা গান্ধী পলায়নবাদী মানসিকতাৰ ব্যক্তি।

উত্তৰ প্ৰদেশৰ মন্ত্ৰীগৰাকীয়ে লগতে মুকলি প্ৰত্যাহ্বান জনাই কয় যে, যদিহে প্ৰিয়ংকা গান্ধীয়ে ৱায়নাডত ৩লাখ ভোট পায়, তেন্তে মই চেলেঞ্জ কৰি কৈছো যে, মই ৰাজনীতি সমূলে ত্যাগ কৰিম।' এতিয়াহে সময়েহে ক'ব ৱায়নাডৰ ভোটাৰে কাক কিমান ভোট প্ৰদান কৰে।

ৱায়নাডত প্ৰিয়ংকাই ৩লাখ ভোট পালে ৰাজনীতি এৰিব এগৰাকী বিজেপি মন্ত্ৰীয়ে...
কাৰ্বি আংলঙত কৃষি বিভাগে উদযাপন কৰিলে কাতি বিহু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in