বিশিষ্ট কবি-সমালোচক ৰবীন্দ্ৰ বৰা আৰু নাই

বিশিষ্ট কবি-সমালোচক ৰবীন্দ্ৰ বৰা আৰু নাই
Published on
Updated on

ডিজিটেল ডেস্ক: অসমীয়া সাহিত্য জগত উকা কৰি গ'ললৈ বিশিষ্ট সাহিত্যিক ৰবীন্দ্ৰ বৰা। দেওবাৰে বিয়লি শেষ নিশ্বাস ত্যাগ কৰে সাহিত্য়িকগৰাকীয়ে। সাহিত্য চৰ্চা কৰাৰ উপৰিও সাহিত্য সমালোচনাৰ ক্ষেত্ৰতো বৰাৰ দখল আছিল ।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে সুদীৰ্ঘ ৬টা দশক স্বকীয় কাব্যশৈলীৰে অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধ কৰা বৰা আছিল অনুজ কবি-লেখকৰ প্ৰেৰণাৰ অমল উৎস৷ কবিতাৰে মানুহৰ কথা কোৱা কবিগৰাকীৰ সমাজ চেতনা যুগে যুগে স্মৰণীয় হৈ ৰ’ব৷

ৰবীন্দ্ৰ বৰা আধুনিক অসমীয়া কাব্য-জগতৰ এগৰাকী প্রবীণ কবি। 'ৰামধেনু' যুগত ১৯৬০ চনতে কবি হিচাপে আত্মপ্রকাশ কৰা বৰাই তেতিয়াৰে পৰাই নিৰলস কাব্য-সাধনাৰে আধুনিক অসমীয়া কবিতাৰ ক্ষেত্ৰলৈ বিশিষ্ট অৱদান আগবঢ়াই আহিছে। অসমীয়া কবিতাৰ এখন সুকীয়া আসনত প্রতিষ্ঠিত কবি বৰাৰ কাব্য-চৰ্চাত জিলিকি আছে আধুনিক জীৱনৰ মূল্যবোধৰ উজ্জ্বল প্রকাশ।

মানৱতাবাদী দর্শনক আদৰি লোৱা কবি বৰা তীব্রভাবে সমাজ-সচেতন। এগৰাকী গল্পকাৰ হিচাপেও কবি বৰা পঢ়ুবৈ-সমাজত পৰিচিত। সংবেদনশীল কবি বৰাই তেওঁৰ কাব্য-চৰ্চাৰ যোগেদি মানৱ-জীৱনক শুনাই গৈছে প্ৰেম আৰু সুন্দৰৰ বাণী।

বৰেণ্য কবিগৰাকীয়ে ‘নিৰ্বাসিত সময়’, ‘শইচৰ মানুহ’, ‘অকলশৰীয়া ভয়’ ইত্যাদি কাব্যগ্ৰন্থৰে অসমীয়া কবিতাৰ ঐতিহ্যক চহকী কৰি থৈ গৈছে। প্ৰচুৰ মেধা , প্ৰজ্ঞাৰ গৰাকী হৈও সহজ সৰল জীৱন যাপন কৰিছিল বৰাই। এনে বিৰল ব্যক্তিত্বৰ গৰাকী ৰবীন্দ্ৰ বৰাৰ বিয়োগে মৰ্মাহত কৰিছে ৰাজ্যৰ ভিন্ন ক্ষেত্ৰৰ লোকক। প্ৰকৃতাৰ্থত জাতিৰ বাবে ক্ষতি বৰাৰ বিয়োগ। তেওঁৰ মৃত্যুত বিভিন্নস্তৰৰ লোকে শোক প্ৰকাশ কৰিছে।

বিশিষ্ট কবি-সমালোচক ৰবীন্দ্ৰ বৰা আৰু নাই
আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ২৭জন নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in