ডিজিটেল সংবাদ,চৰাইদেউঃ চৰাইদেউ জিলাৰ এঙেৰা পানীজান অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী তথা শ্যামজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ইন্দেশ্বৰ বৰগোহাঁই(৬৮)ৰ দেহাৱসান। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত সোমবাৰে নিশা নিজা বাসগৃহত সমাজকৰ্মীগৰাকীৰ পৰলোকপ্ৰাপ্তি ঘটে ।
প্ৰয়াত বৰগোহাঁই এঙেৰা শ্যাম জ্যোতি প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা কৰি ২০১৮ চনলৈকে প্ৰধান শিক্ষক হিচাপে শিক্ষকতা কৰাৰ লগতে বিভিন্ন সামাজিক-সাংস্কৃতিক দিশত সক্ৰিয়ভাৱে জড়িত হৈ এঙেৰা আৰু দ’লবাগান অঞ্চলৰ শৈক্ষিক উত্তৰণৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল ৷ মৃত্যু পূৰ্বে তেওঁ চৰাইদেউ শিক্ষক সন্মিলনী, জ্যেষ্ঠ নাগৰিক সন্মিলনী, চৰাইদেউ আঞ্চলিক উন্নতি সভাৰ সৈতে ওতপ্ৰোতভাবে জড়িত আছিল ৷
ইয়াৰ উপৰিও তেওঁ স্থানীয় ধৰ্মীয় অনুষ্ঠান লগতে ২০০৪ চনৰ পৰাই বৰগোহাঞি বংশাৱলীৰ লগত জড়িত আছিল। বহু সামাজিক কামকাজত সক্ৰিয়ভাৱে জড়িত হৈ পৰা বৰগোহাঁই বিয়োগত অঞ্চলটো শোকৰ ছাঁ পৰিছে ৷
Also Read: আৰক্ষীৰ জালত চিদলীৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি