ক্ষমতা হেৰুৱাই আবোল তাবোল বকিবলৈ আৰম্ভ কৰিছে হাগ্ৰামা মহিলাৰীয়েঃ প্ৰমোদ বড়ো...

ক্ষমতা হেৰুৱাই আবোল তাবোল বকিবলৈ আৰম্ভ কৰিছেঃ প্ৰমোদ বড়ো...

author-image
Asomiya Pratidin
New Update
ক্ষমতা হেৰুৱাই আবোল তাবোল বকিবলৈ আৰম্ভ কৰিছে হাগ্ৰামা মহিলাৰীয়েঃ প্ৰমোদ বড়ো...

ডিজিটেল সংবাদ, চিৰাংঃ ৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান দিন বাকি থকাৰ সময়ছোৱাত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মক লৈ বিটিচিৰ বৰ্তমান আৰু প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ বাকযুদ্ধ তীব্ৰ ৰূপ ধাৰণ কৰিছে । কালিৰ দিনটোত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই হাগ্ৰামা মহিলাৰী আৰু বিপিএফ দলৰ সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতুত্ত্যৰত আজি পুৱাৰ ভাগত চিদলীত হাগ্ৰামা মহিলাৰীয়ে চন্দন ব্ৰহ্ম আৰু প্ৰমোদ বড়োক উদ্দেশ্য কৰি কিছু বিষ্ফোৰক মন্তব্য কৰিছিল।

আজি বিয়লিৰ ভাগত চিদলী সমষ্টিৰ ভূৰতিনিআলিত এক দলীয় নিৰ্বাচনী সভাত অংশগ্ৰহন কৰি বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰীক উভতি ধৰি কয় যে প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মক কি ধৰনে সন্মান দিব লাগে নেলাগে অন্তত এই কথাষাৰ হাগ্ৰামা মহিলাৰীয়ে আমাক শিকাব নেলাগে বৰঞ্চ হাগ্ৰামা মহিলাৰীয়ে তেখেতৰ ঘনিষ্ঠ সতীৰ্থক সন্মান দিয়াটো বাদ দিয়ক তেখেতে মৰমখিনিও দিব নেজানিলে। হাগ্ৰামা মহিলাৰী নিজে এজন ক্ষমতালোভী ব্যক্তি, ক্ষমতা হেৰুৱাই তেখেত এতিয়া আবোল তাবোল বকিবলৈ আৰম্ভ কৰিছে ।

যি চন্দন ব্ৰহ্মই বিএলটিত থাকি এটা দীঘলীয়া সময় সংগ্ৰাম কৰিলে । বিটিচি চুক্তিৰ আগত হাগ্ৰামা মহিলাৰীৰ অনুপস্থিতিত চন্দন ব্ৰহ্মই বিটিচি চুক্তিৰ বাবে প্ৰয়োজনীয় প্ৰত্যেকটো কাম বিএলটিৰ বাকি সতীৰ্থ সকলক লৈ সমাধা কৰিলে আৰু হাগ্ৰামা মহিলাৰী কিমান কৰিলে চিধাই আহি বিটিচিৰ গাদীত বহি পৰিলে আৰু পিছলৈ এইজন হাগ্ৰামা মহিলাৰীয়ে মুকলিকৈ সংবাদ মাধ্যমৰ কয় যে চন্দন ব্ৰহ্ম কোন ? তেওঁক মই চিনি নেপাঁও । আচলতে হাগ্ৰামা মহিলাৰী মানসিক ভাৰসাম্য হেৰাইছে নে তেখেত এনেকুৱা স্বভাৱৰ মানুহ বুলি কটাক্ষ কৰে প্ৰমোদ বড়োই ।

চন্দন ব্ৰহ্মই তিনিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ অসম চৰকাৰৰ মন্ত্ৰীসভাত তিনিবাৰ কেবিনেট মন্ত্ৰীৰ দায়িত্ব লাভ কৰি ৰাইজৰ সেৱা আগবঢ়াইছিল। তেখেতৰ আমাৰ সমাজৰ বাবে বহু অৱদান আছে সেই দিশটো আমি ৰাজনৈতিক দৃষ্টিৰে চাই হেয় প্ৰতিপন্ন কৰিলে নহব নহয়। এইটো ঠিক যে এটা সময়ত চন্দন ব্ৰহ্ম আমাৰ বিৰোধী দলত আছিলে তেতিয়া আমিও তেখেতৰ বিৰুদ্ধ কৈছিলো কিন্তু ব্যক্তিগত ভাবে চন্দন ব্ৰহ্ম এজন ভাল মানুহ বুলি অভিহিত কৰে প্ৰমোদ বড়োই।

বিপিএফ দলৰ ভিতৰচৰাত বৰ্তমান যি অবস্থা চলি আছে কেৱল চন্দন ব্ৰহ্মই নহয় এই উপ-নিৰ্বাচনৰ পিছত তেখেতৰ লগত থকা অলপ চলপ যিকেইজন নেতা পালিনেতা আছে তেখেত সকলেও হাগ্ৰামা মহিলাৰীৰ সংগ এৰি দিব। অহা বিটিচিৰ পৰিষদীয় নিৰ্বাচনত হাগ্ৰামা মহিলাৰীৰ দলে ২৫ টাকৈ আসন দখল কৰি চৰকাৰ গঠন কৰিব বুলি কৰা মন্তব্যৰ প্ৰতুত্ত্যৰত প্ৰমোদ বড়োই কয় যে বিটিচিৰ প্ৰথম নিৰ্বাচনত বিপিএফ দলে কেইবাটাও আসনত বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হৈছিল কিন্তু পিছলৈ এটাৰ পিছত এটা নিৰ্বাচনত তেওঁলোকৰ দলৰ আসন কমি কমি গৈ আছে ।

আজিৰ দিনটোত হাগ্ৰামা মহিলাৰীয়ে আসনৰ যিটো নম্বৰ কৈছে সেই নম্বৰৰ পিছৰ পৰা এটা সংখ্যা কাটি দিয়ক তাৰ পিছত যিটো নম্বৰ থাকিব সেইটো তেখেত সকলে লাভ কৰিব বুলি কটাক্ষ কৰে প্ৰমোদ বড়োই। আগন্তুক বিটিচি নিৰ্বাচনত প্ৰমোদ বড়োই এচ পি, অচি, আই চি লগাই গণ্ডগোল নকৰিলে বিপিএফ দলক কোনেও ৰোধ কৰিব নোৱাৰিব বুলি হাগ্ৰামা মহিলাৰীয়ে কৰা মন্তব্য সন্দৰ্ভত প্ৰমোদ বড়োই কয় যে ইউপিপিএল দলৰ ইমান বেয়া দিন অহা নাই যে আমি গণ্ডগোল কৰিম আচলতে গণ্ডগোল তেখেতৰ দিনতেই হৈছিল। মোৰ ইমানো বেয়া অহা নাই যে গণ্ডগোল কৰি ৰাজনীতি কৰিম, মই ৰাইজৰ সেৱা কৰিবলৈ আহিছো ।

বিটিচিবাসী ৰাইজে ঠিৰাং কৰিব কোন বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য হব, যাক ভাল পায় তাক বিধায়ক বনাব । ইউপিপিএল দলে বিটিচিৰ ৩৫ লক্ষ জনসাধাৰণৰ হৈ কাম কৰি আছো আৰু আগলৈ কৰি যাম । আজি ভূৰতিনিআলিৰ নিৰ্বাচনী সভাত বিপিএফ আৰু কংগ্ৰেছ দলৰ পৰা দেৰ শতাধিক পুৰুষ মহিলাই আনুষ্ঠানিক ভাবে ইউপিপিএল দলত যোগদান কৰে । নতুনকৈ যোগদান কৰা সদস্য সকলক দলীয় পতাকাৰে আঁদৰণি জনায় বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো, উপমুখ্য কাৰ্য্যবাহী সদস্য গোবিন্দ বসুমতাৰী, ইউপিপিএল দলৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰী , কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে । আজিৰ নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰায় পাঁচ শতাধিক লোক উপস্থিত থাকে ।

প্ৰমোদ বড়ো