ডিজিটেল সংবাদ, বেকাজান : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ কেবিনেটে ৩১ ডিচেম্বৰ নিশা তিতাবৰ সমষ্টিৰ অসম-নাগালেণ্ড সীমান্তৰ বেকাজান পঞ্চায়তৰ দহখন কৈ ৰাজহ গাঁওক গোলাঘাট জিলাত অন্তৰ্ভুক্ত কৰালৈ মংগলবাৰে বেকাজান হাইস্কুল খেলপথাৰত এক বিশাল প্ৰতিবাদী অনুষ্ঠিত হয় ।
বেকাজান গড়াজান আৰু শিলডুবি সহস্ৰাধিক ৰাইজে চৰকাৰৰ সিদ্ধান্ত বিৰুদ্ধে বিভিন্ন শ্লগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে । দুপৰীয়া সমাজকৰ্মী গুণাৰাম বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত গণ প্ৰতিবাদী সভাখনত বেকাজান, গড়াজান আৰু শিলডুবিৰ সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰা সভাত ক্ষোভিত ৰাইজে চৰকাৰৰ হঠকাৰী সিদ্ধান্ত কেতিয়াও মানি নলও বুলি একেমুখে গৰ্জন কৰি উঠে।
প্ৰতিবাদী সভাত ৰাইজে চিঞৰি চিঞৰি কয়, "আমাক গুলিয়াই মাৰিলেও আমি গোলাঘাটৰ লগত চামিল নহওঁ।" আমি যোৰহটীয়া হিচাপে জন্ম লৈছো যেতিয়া যোৰহটীয়া হিচাপে মৰিবলৈ কুণ্ঠাবোধ নকৰো বুলি চৰকাৰৰ সিদ্ধান্তক সকীয়নি প্ৰদান কৰে হাজাৰ হাজাৰ ৰাইজে। চৰকাৰৰ এই সিদ্ধান্তক পুনৰ বিবেচনা কৰি শীঘ্ৰে বাতিলৰো দাবী জনায়। অন্যথা ভোট বৰ্জনৰ হুংকাৰ দিয়ে প্ৰতিবাদী ৰাইজে।
তদুপৰি চৰকাৰৰ এনে গণ বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে দুই এদিনৰ ভিতৰত প্ৰতিবাদী ৰাইজে একত্ৰিতভাৱে জোৰদাৰ গণতান্ত্ৰিক আন্দোলনৰ সিদ্ধান্ত লয়। সভাৰ পিছতে বেকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা বেকাজান তিনি আলিলৈ বিভিন্ন শ্ল'গান দি সকলো পুৰুষ-মহিলাই এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰে।
উল্লেখ্য যে ৰাজ্যখনৰ ভিতৰতে এক সন্মানীয় সমষ্টি হিচাপে সুপৰিচিত তিতাবৰ সমষ্টিৰ পৰা কাটি গোলাঘাট জিলাত অন্তৰ্ভুক্ত কৰা অঞ্চল কেইটা হ'ল বৰহোলা মৌজাৰ অন্তৰ্গত হাফমাইল বেল্ট, গড়াজান, ৩ নং ব্লক, ৫ নং ব্লক, ১ নং ব্লক, ২ নং ব্লক, ৪ নং ব্লক, শিলডুবি ১ নং কাকডোঙা হাবি গাওঁ আৰু ২ নং কাকডোঙা হাবি গাঁও । এই কেইটা অঞ্চলৰ ৩০ হাজাৰ হেক্টৰৰো অধিক ভুমি গোলাঘাট জিলাৰ অন্তৰ্ভুক্ত কৰা হৈছে।
যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ এই গুৰুত্বপূৰ্ণ অঞ্চলসমূহ আচম্বিতে গোলাঘাট জিলাৰ অন্তৰ্ভুক্ত কৰা হ'ল বুলি প্ৰচাৰ হোৱাৰ লগে লগে স্থানীয় অঞ্চলবাসী ৰাইজ আৰু বিভিন্ন দল-সংগঠনে জাঙুৰ খাই উঠিছে। এয়া কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে বুলি একেমুখে প্ৰতিবাদ কৰিছে। বহু লোকে মনৰ ভাৱ ব্যক্ত কৰিছে যে অতীজৰে পৰাই এই অঞ্চলসমূহৰ ৰাইজে যোৰহাট জিলাবাসী তথা তিতাবৰ সমষ্টিবাসী হিচাপে সুখে শান্তিৰে বসবাস কৰি আছে।
তিতাবৰ মহকুমা হোৱাত আৰু আদালতকে ধৰি বহু সংখ্যক চৰকাৰী কাৰ্যালয় তিতাবৰত প্ৰতিষ্ঠা হোৱাত এই অঞ্চলসমূহৰ ৰাইজে চৰকাৰী প্ৰশাসনীয়ভাৱে সকলো সা-সুবিধা লাভ কৰি আছে। ইয়াৰ ৰাইজে অতি কম সময়ৰ ভিতৰতে আনকি চাইকেলেৰে তিতাবৰ নগৰলৈ গৈ প্ৰয়োজনীয় কাম-কাজ কৰি আহিছে। তেনেস্থলত এই অঞ্চলসমূহ গোলাঘাট জিলাৰ অন্তৰ্ভুক্ত কৰিলে ৰাইজে অধিক দূৰত্ব আৰু যাতায়তৰ সমস্যাকে ধৰি বহু সমস্যাৰ সন্মুখীন হ'ব লাগিব। বৰহোলা আৰক্ষী থানা, বেকাজান আৰক্ষী চকী আৰু পানীখেতি আৰক্ষী চকীৰ অন্তৰ্গত এই অঞ্চলসমূহ প্ৰশাসনীয়ভাৱে অতি সূচল অৱস্থানত আছে আৰু আইন শৃঙ্খলা পৰিস্থিতিও স্বাভাৱিক হৈ আছে।
যোৰহাট জিলা আৰু তিতাবৰ মহকুমা প্ৰশাসনৰ দ্বাৰা সকলো প্ৰকাৰে সুপৰিচালিত হৈ থকা অঞ্চলসমূহ গোলাঘাট জিলাৰ অন্তৰ্ভুক্ত কৰাৰ কোনো প্ৰয়োজনীয়তাই নাই বুলি অঞ্চলবাসী ৰাইজে একেমুখে ব্যক্ত কৰিছে। উল্লেখ্য যে এই অঞ্চলসমূহ কৃষি প্ৰধান হোৱাৰ লগতে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো যথেষ্ট আগবঢ়া। তদুপৰি এই অঞ্চলসমূহত আছে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ। যোৰহাট জিলাখনৰ ভিতৰতে এই অঞ্চলসমূহত অ' এন জি চিৰ সৰ্বাধিক সংখ্যক তেল খাদ আছে। শিলডুবিত এটা বৃহৎ জি জি এছ আৰু এটা জি চি পি আছে। এই অঞ্চলসমূহৰ পৰা অ' এন জি চি য়ে প্ৰতি বছৰে বহু হাজাৰ কোটি টকাৰ খাৰুৱা তেল উৎপাদন কৰি আছে।
যোৰহাট জিলা তথা তিতাবৰ মহকুমাৰ বাবে সম্পদশালী আৰু অতি গুৰুত্বপূৰ্ণ এই অঞ্চলসমূহ এতিয়া গোলাঘাট জিলাৰ অন্তৰ্ভুক্ত হ'বলৈ গৈ আছে। উল্লেখ্য যে আকস্মিকভাৱে গোলাঘাট জিলাৰ অন্তৰ্ভুক্ত কৰা এই অঞ্চলসমূহৰ অধিকাংশ ৰাইজৰে মাটিৰ ম্যাদী পট্টা আছে আৰু অৱশিষ্ট পৰিয়ালসমূহকো তিতাবৰ মহকুমা প্ৰশাসনে মাটিৰ পট্টা বিতৰণৰ কাম চলাই আছে। অতি শেহতীয়াকৈ যোৱা তিতাবৰ মহকুমাৰ ভূমি ৰাজহ বিভাগে ১১ ডিচেম্বৰত বেকাজান ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজন কৰা মাটোৰ পট্টা বিতৰণৰ এক বৃহৎ কাৰ্যসূচীত অসম চৰকাৰৰ বিত্তমন্ত্ৰী তথা যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে অংশগ্ৰহণ কৰি এই অঞ্চলসমূহৰ ৫০০ ৰো অধিক পৰিয়ালক মাটিৰ পট্টা বিতৰণ কৰে।
যোৰহাট জিলা তথা তিতাবৰ মহকুমাবাসী হিচাপে সকলো প্ৰকাৰে সুগম আৰু সুৰক্ষিতভাৱে সুখে শান্তিৰে জীৱন যাপন কৰি থকা এই অঞ্চলসমূহৰ ৰাইজে গোলাঘাট জিলাৰ অন্তৰ্ভুক্ত হ'বলৈ কোনো প্ৰয়োজনীয়তা অনুভৱ কৰা নাই বুলি স্পষ্ট কৰি দিছে। ৰাইজৰ ইচ্ছা অনিচ্ছা নজনাকৈ আৰু কোনো মতামত নোলোৱাকৈ এই অঞ্চলসমূহ হঠাতে গোলাঘাট জিলাৰ অন্তৰ্ভুক্ত কৰাটো গ্ৰহণযোগ্য নহয় আৰু যোৰহাট জিলা তথা তিতাবৰ মহকুমাবাসী হিচাপে জীয়াই থাকিব বিচাৰে বুলি স্থানীয় ৰাইজে অসম চৰকাৰক স্পষ্টকৈ জনাই দিছে।
উল্লেখ্য যে আকস্মিকভাৱে গোলাঘাট জিলাৰ অন্তৰ্ভুক্ত কৰা এই অঞ্চলসমূহৰ সকলো গোলাঘাট জিলাৰ সীমাত লাগি থকা অঞ্চল নহয়। ২ নং কাকডোঙা হাবি গাঁৱৰ অন্তৰ্গত ৰাইদাংজুৰি গাওঁ পঞ্চায়তখনৰ মাজৰ পৰা দুটা ৱাৰ্ডৰ গাঁওকেইখন গোলাঘাট জিলাৰ অন্তৰ্ভুক্ত কৰা হৈছে অথচ একেখন পঞ্চায়তৰ গোলাঘাট জিলাৰ সীমাত লাগি থকা একাংশ গাঁও যোৰহাট জিলাতে আছে বুলি ৰাইজে জানিব পাৰিছে। সম্প্ৰতি ৰাইজে গোলাঘাট জিলাৰ সৈতে বেকাজানক অন্তৰ্ভুক্ত কৰা সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ দাবী জনাইছে । ইয়াৰ অন্যথা কাইলৈৰ পৰা হাজাৰ হাজাৰ ৰাইজে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ সাজু হৈছে।