ডিজিটেল সংবাদ, হাওৰাঘাট: দেশ কঁপাই যোৱা কলকাতাৰ মহিলা চিকিৎসকক দলবদ্ধ ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰাৰ প্ৰতিবাদত ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত চামগুৰি বজাৰতো শনিবাৰে সন্ধিয়া বৃহত্তৰ চামগুৰি মহিলা সমাজৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় । এই প্ৰতিবাদী কাৰ্যসূচীত অঞ্চলটোৰ শতাধিক অধ্যয়নৰত ছাত্ৰী আৰু মহিলা সমাজে অংশগ্ৰহণ কৰি হাতে হাতে প্ৰজ্বলিত মম আৰু প্লে কাৰ্ড লৈ নাৰী নিৰ্যাতন বন্ধ কৰক, নাৰী ধৰ্ষণকাৰীক ফাঁচী দিয়ক,নাৰী ধৰ্ষণকাৰী হুচিয়াৰ আদি শ্ল'গান দি চামগুৰি বজাৰৰ পৰিৱেশ উত্তাল কৰি তোলে ।
ইয়াৰ পিছতে প্ৰতিবাদী মহিলাসকলে মন্দিৰৰ সন্মুখত সমবেত হৈ মহিলা চিকিৎসক মৌমিতা দেৱনাথৰ আত্মাৰ সদগতি কামনা কৰি সকলোৱে এক মিনিট মৌন প্ৰাৰ্থনা কৰে। দেশ কঁপাই যোৱা কলকাতাৰ মহিলা চিকিৎসকগৰীক দলবদ্ধ ধৰ্ষণ কৰি অতি নৃশংসভাৱে হত্যা কৰাৰ প্ৰতিবাদত হাওৰাঘাটৰ চামগুৰি বজাৰত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদী মহিলাকলে নাৰী নিৰ্যাতনকাৰী আৰু ধৰ্ষণকাৰীক ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি ফাঁচী দিয়াৰ দাবী উত্থাপন কৰে ।