চিকিৎসক হত্যাকাণ্ডঃ দোষীক শাস্তি আৰু মহিলা-শিশুক নিৰাপত্তাৰ দাবীত শিলচৰত মহিলাৰ প্ৰতিবাদ

চিকিৎসক হত্যাকাণ্ডঃ দোষীক শাস্তি আৰু মহিলা-শিশুক নিৰাপত্তাৰ দাবীত শিলচৰত মহিলাৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
চিকিৎসক হত্যাকাণ্ডঃ দোষীক শাস্তি আৰু মহিলা-শিশুক নিৰাপত্তাৰ দাবীত শিলচৰত মহিলাৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, শিলচৰ: কলকতাৰ আৰ জি কৰ মেডিকেল কলেজৰ তৰুনী চিকিৎসক হত্যাৰ বিৰপ আজিও শিলচৰত প্ৰতিবাদ অব্যাহত আছে।‌ চিকিৎসক গৰাকীৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিয়া, অসমত শিশু আৰু মহিলাৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ কৰা আৰু মহিলা ব্যৱসায়ী সকলক পৰ্যাপ্ত নিৰাপত্তা প্ৰদানৰ দাবীত সোমবাৰে সন্ধিয়া শিলচৰত এক সমদল বাহিৰ কৰে বৰাক ক্ৰিয়েটিভ ষ্টুডিও নামৰ মহিলা ব্যৱসায়ী সকলে।

হাতত মমবাতি লৈ প্ৰতিবাদী মহিলা সকলে "আমাক ন্যায় লাগে, হত্যাকাৰীক ফাঁচি দিয়ক আদি শ্লোগান দি শিলচৰ চহৰ উত্তাল কৰি তোলে। লগতে শিলচৰৰ মহিলা ব্যৱসায়ী সকলক ৰাতি ঘৰলৈ যাওতে নিৰাপত্তা প্ৰদান কৰিবলৈও প্ৰশাসনৰ ওচৰত দাবী জনায়।

ইয়াৰোপৰি পাৰ্ক ৰোডৰ ক্ষুদিৰাম বসুৰ মূৰ্ত্তিৰ তলত বিক্ষোভ প্ৰদৰ্শন কৰি মহিলা সকলে অসম বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীক যৌন আতিশয্যা চলোৱা দোষীকো শাস্তি প্ৰদানৰ দাবী জনায়।

Also Read: চিকিৎসক হত্যাকাণ্ডঃ পলিগ্ৰাফ টেষ্টৰ সন্মুখীন হব লাগিব পাৰে সন্দীপ ঘোষ...

protest