ডিজিটেল ডেস্কঃ মঙ্গলবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰণালয়ে জনাইছে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধত ৰাজহুৱা খণ্ডৰ বেংকসমূহ মুঠ ব্যৱসায় ১১ শতাংশ বৃদ্ধি কৰি ২৩৬ লাখ কোটি টকাত উপনীত হৈছে।
অপাৰেটিং মুনাফা ১৪.৪ শতাংশ বৃদ্ধি হৈ ১.৫ লাখ কোটি টকা হৈছেগৈ। তাৰোপৰি মুঠ মুনাফা ২৫.৬ শতাংশ বৃদ্ধি হৈ ৮৫,৫২০ কোটি টকা আদায় কৰিছে।
ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ বিশ্বব্যাপী ঋণ পৰ্টফলিঅ’ ১২,৯ শতাংশ বৃদ্ধি হৈ ১০২.২৯ লাখ কোটি টকা হৈছে। আনহাতে জমা প’ৰ্টফলিঅ’ ৯.৫ শতাংশ বৃদ্ধি হৈ ১৩৩.৭৫ লাখ কোটি টকা হৈছে।
বিত্তমন্ত্ৰণালয়ে আৰু জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ নেতৃত্বত বিভিন্ন বেংকিং সংস্কাৰৰ বাবে বৰ্ধিত প্ৰৱেশাধিকাৰ, সেৱা উৎকৰ্ষতা (EASE), দেউলিয়া আৰু দেউলিয়া সংহিতা (IBC) ৰূপায়ণ আৰু ৰাষ্ট্ৰীয় সম্পদ পুনৰগঠন কোম্পানী লিমিটেড (NARCL) স্থাপনৰ জৰিয়তে এই খণ্ডটোক উন্নত কৰা হৈছে।
২০২৪ ৰ ছেপ্টেম্বৰ মাহত চৰকাৰী বেংকসমূহৰ গ্ৰছ এন পি এ আছিল ৩.১২ শতাংশ। নিট এন পি এ আছিল ০.৬৩ শতাংশ। ইয়াৰোপৰি চৰকাৰী বেংকসমূহৰ নতুন প্ৰযুক্তি যেনে এ আই, ক্লাউড, ব্লকচেইন আদিয়ে উল্লেখযোগ্য অগ্ৰগতি সাধন কৰিছে।
ইয়াৰ ফলত ছাইবাৰ অপৰাধৰ সংঘটিত হ'ব নোৱাৰাকৈ নিৰাপত্তা সুনিশ্চিত হৈছে আৰু এনে অপৰাধাৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিত্ত মন্ত্ৰণালয়ে জনাইছে ৰাজহুৱা খণ্ডৰ বেংকসমূহে এতিয়া আৰু অধিক উন্নত প্ৰযুক্তি আৰু পৰিসেৱা প্ৰদান কৰিছে।
গ্ৰাহক সেৱাৰো মান উন্নত কৰিছে। এই সন্দৰ্ভত ১১ নৱেম্বৰত আৰ্থিক পৰিসেৱা বিভাগৰ সচিব এম নাগাৰাজুৱে প্ৰধানমন্ত্ৰী জনধন যোজনাৰ একাউণ্ট হোল্ডাৰসকলৰ বাবে পুনৰ কে ৱাই চি প্ৰক্ৰিয়া চলাই নিয়াৰ সন্দৰ্ভত সকলো ষ্টকহোল্ডাৰৰ সৈতে এক বৈঠকতো বহিছে।