কাটাৰ বিশ্বকাপঃ ক্ৰ'ৱেছিয়াৰ সন্মুখত এছিয়ান দল জাপান...

মেচত যিটো দলে জয়লাভ কৰিব সেইটো দল পোনে পোনে কোৱাৰ্টাৰ ফাইনেললৈ ধাৱমান হ'ব

author-image
Asomiya Pratidin
New Update
কাটাৰ বিশ্বকাপঃ ক্ৰ'ৱেছিয়াৰ সন্মুখত এছিয়ান দল জাপান...

ক্ৰ'ৱেছিয়াৰ সন্মুখত এছিয়ান দল জাপান

ডিজিটেল ডেস্কঃ ৰাছিয়া বিশ্বকাপৰ ফাইনেলিষ্ট ক্ৰ'ৱেছিয়াৰ সন্মুখত এছিয়ান দল জাপান। ইতিমধ্যে কাটাৰ বিশ্বকাপৰ বিগত মেচসমূহত এছিয়ান দলটোৱে নিজৰ শক্তিৰ প্ৰমাণ দাঙি ধৰি অনুৰাগীসকলক আচৰিত কৰি তুলিছে।

শেহতীয়া মেচখনতো শক্তিশালী স্পেইনক পৰাভূত কৰি আত্মবিশ্বাসী জাপানৰ প্ৰতিগৰাকী খেলুৱৈ। অৱশ্যে সেই কথা অতীত। কিয়নো ধাৰাবাহিকতা অক্ষুন্ন ৰাখিব নোৱাৰিলে কাটাৰৰ পৰা টালি-টোপোলা বান্ধিব লাগিব পৰাস্ত হোৱা দলটোৱে।

সোমবাৰে ৰাছিয়া বিশ্বকাপৰ ফাইনেলিষ্ট ক্ৰ'ৱেছিয়াৰ বিপক্ষে ৰাউণ্ড ১৬ৰ এখন গুৰুত্বপূৰ্ণ মেচত অংশ ল'ব জপানে। উক্ত মেচত যিটো দলে জয়লাভ কৰিব সিটো দলে পোনে পোনে কোৱাৰ্টাৰ ফাইনেললৈ ধাৱমান হ'ব। সেয়ে দুয়ো দলৰ বাবে জীৱন-মৰণৰ যুঁজ হ'ব এই খেলখন।

ব্ৰাজিল আৰু এছিয়ান দল দক্ষিণ কোৰিয়া
ব্ৰাজিল আৰু এছিয়ান দল দক্ষিণ কোৰিয়া

তদ্ৰুপভাবে আজিয়েই ৰাউণ্ড ১৬ৰ আনখন খেলত অংশগ্ৰহণ কৰিব বিশ্বফুটবলৰ অন্যতম দল ব্ৰাজিল আৰু এছিয়ান দল দক্ষিণ কোৰিয়াই। উল্লেখ্য যে পূৰ্বৰ বিশ্বকাপৰ তুলনাত কাটাৰ বিশ্বকাপত এছিয়ান দেশৰ দলসমূহৰ উত্থানে এক নৱজাগৰণৰ সূচনা কৰা বুলিব পাৰি।

আৰু পঢ়কঃ পুনৰ মেছিৰ নেতৃত্বত অপ্ৰতিৰোধ্য আৰ্জেন্টিনা...

qatar world cup fifa world cup 2022