৮০ খন আসনৰ উত্তৰ প্ৰদেশত মাত্ৰ ২ দিন, ২০ খন আসনৰ কেৰালাত ১৮ দিন !কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক সমালোচনা..

চি পি আই (এম), কংগ্ৰেছৰ টুইটাৰত যুদ্ধ

author-image
Asomiya Pratidin
New Update
৮০ খন আসনৰ উত্তৰ প্ৰদেশত মাত্ৰ ২ দিন, ২০ খন আসনৰ কেৰালাত ১৮ দিন !কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক সমালোচনা..

bharat jodo yaatra bharat jodo yaatra

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ কেৰালাত আজি তৃতীয়টো দিন। পুৱা ৭-১৫ বজাৰ পৰা আৰম্ভ হোৱা কংগ্ৰেছৰ আজিৰ ভাৰত জোড়ো যাত্ৰাত কেৰালাৰ জনসাধাৰণে ব্যাপক সহাৰি জনোৱা দেখিবলৈ পোৱা গৈছে। ৰাজ্যখনত কংগ্ৰেছৰ এই যাত্ৰালৈ সৰ্বসাধাৰণে জনোৱা সহাৰিৰ প্ৰতি লক্ষ্য কৰি এতিয়া কেৰালাৰ শাসনাধিস্ত চি পি আই (এমে) কংগ্ৰেছক এই যাত্ৰাক সমালোচনাৰ লক্ষ্য কৰি লৈছে।

চি পি আই (এম) এ তেওঁলোকৰ অফিচিয়েল টুইটাৰ হেণ্ডলৰ পৰা কংগ্ৰেছক প্ৰশ্ন কৰিছে যে কংগ্ৰেছৰ এয়া ভাৰত জোড়া যাত্ৰা নাা আসন জোড়ো যাত্ৰা...। উল্লেখ্য যে ৰাহুল গান্ধীৰ নেতৃত্বত বাহিৰ হোৱাা এই ভাৰত জোড়ো যাত্ৰাৰ সময়ত কংগ্ৰেছে কেৰালাত ১৮ দিন পাৰ কৰিব কিন্তু উত্তৰ প্ৰদেশত পাৰ কৰিব মাত্ৰ ২ টা দিন।

কেৰালাত আছে মুঠ ২০ খন লোকসভাৰ আসন। ইয়াৰ বিপৰীতে উত্তৰ প্ৰদেশত আছে ৮০ খন লোকসভাৰ আসন। সেয়েহে কেৰালাত ১৮ টা কৈ দিন পাৰ কৰাৰ বিপৰীতে উত্তৰ প্ৰদেশত মাত্ৰ ২ টা দিন পাৰ কৰাৰ বিষয়টোক লৈ এতিয়া চি পি আই (এম) এ কংগ্ৰেছক তীব্ৰ কতাক্ষ কৰিছে।

ইফালে কংগ্ৰেছে চি পি আই (এম)ৰ এই টুইটৰ বিপৰীতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কংগ্ৰেছে চি পি আই (এম)ক বিজেপিৰ এ দল বুলি বৰ্ণনা কৰিছে। জয়ৰাম ৰমেশে কৈছে যে,- চি পি আই (এম) এ তেওঁলোকৰ হোমৱৰ্ক ভালকৈ কৰা উচিত। আপোনালোকৰ জ্ঞাতাৰ্থে জনাও যে, ভাৰত জোড়ো যাত্ৰাৰ অধীনত মুঠ ১৫০ দিনত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ৩,৫৭০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰা হ'ব।

সোমবাৰে সন্ধিয়ালৈকে কংগ্ৰেছেৰ ভাৰত জোড়ো যাত্ৰাই ১০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে। কংগ্ৰেছে প্ৰস্তুত কৰা ৰোডমেপ অনুসৰি এই যাত্ৰা উত্তৰ প্ৰদেশৰ ৭৫ খন জিলাৰ ভিতৰত কেৱল এটা বুলন্দচহৰৰ মাজেৰে পাৰ হ'ব। উত্তৰ প্ৰদেশত কংগ্ৰেছে অস্তিত্ব ৰক্ষাৰ বাবে যুঁজ দিছে।

এনে পৰিস্থিতিত উত্তৰ প্ৰদেশত মাত্ৰ ২ টা দিন এই যাত্ৰাই সামৰি লোৱা কাৰ্যক ৰাজনৈতিক বিশেষজ্ঞসকলে সঠিক ভাৱে লোৱা নাই। কংগ্ৰেছক ইয়াৰ বাবে সমালোচনাও কৰিছে। বহুতেই ক'ব বিচাৰিছে কংগ্ৰেছে উত্তৰ প্ৰদেশক এৰি চলিব বিচাৰিছে। কংগ্ৰেছে উত্তৰ প্ৰদেশত তেওঁলোকৰ এই যাত্ৰালৈ সহাৰি নোপোৱাৰ ভয়তে এইদৰে এৰি চলিছে বুলি মন্তব্য কৰিছে।

ইয়াৰ বিপৰীতে কেৰালাত ১৯ দিনৰ ব্যৱধানত মুঠ ৭ খন জিলাক সামৰি ল'ব কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাই। যি যাত্ৰাই ৰাজ্যখনত ৪৫০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব।

congress bjp uttar pradesh rahul gandhi kerala cpim bhaarat jodo yatra