সোমবাৰে চৰাইবাহীত একে নিশাতে ২৩ খনকৈ অংকীয়া ভাওনা প্ৰদৰ্শন

''শৰতৰে ৰাত্ৰি অতি বিতুপন , ৰাসক্ৰীড়া কৰিতে ভৈল কৃষ্ণ মন'' দেওবাৰে শৰতৰ এই ৰাস পূৰ্ণিমাৰ ৰাতি দ্বিতীয় বৃন্দাবনলৈ পৰিণত হ’ব মৰিগাঁও জিলাৰ বৃহত্তৰ চৰাইবাহী অঞ্চল ৷

author-image
Asomiya Pratidin
New Update
সোমবাৰে চৰাইবাহীত একে নিশাতে ২৩ খনকৈ অংকীয়া ভাওনা প্ৰদৰ্শন

ডিজিটেল সংবাদ , বেবেজীয়া: ''শৰতৰে ৰাত্ৰি অতি বিতুপন , ৰাসক্ৰীড়া কৰিতে ভৈল কৃষ্ণ মন'' দেওবাৰে শৰতৰ এই ৰাস পূৰ্ণিমাৰ ৰাতি দ্বিতীয় বৃন্দাবনলৈ পৰিণত হ’ব মৰিগাঁও জিলাৰ বৃহত্তৰ চৰাইবাহী অঞ্চল ৷

অঞ্চলটোৰ তিনিটাকৈ স্থান ক্ৰমে সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰ , সাৰ্বজনীন শংকৰ মন্দিৰ আৰু বড়িগাঁও ৰাস মন্দিৰত প্ৰদৰ্শন হ’ব ২৩ খনকৈ অংকীয়া ভাওনা ৷ উল্লেখ্য যে ১৮৫৮ চনৰ পৰা এই বৃহৎ চৰাইবাহী অঞ্চলটোৰ জনসাধাৰণে জাতি , বৰ্ণ , ধৰ্ম নিৰ্বিশেষে শংকৰী কলা কৃষ্টি বিকাশৰ উজ্জ্বল আদৰ্শৰ ধ্বজা উৰুৱাই সকলো লোকৰ মাজত একতা , সমন্বয় আৰু ভাতৃত্ববোধৰ এনাজৰী গঢ়ি তুলি দুবছৰৰ অন্তৰে অন্তৰে তৃতীয় বছৰৰ ৰাস পূৰ্ণিমাৰ দিনটোত অনুষ্ঠিত কৰি আহিছে এই ঐতিহাসিক কমিটি ভাওনা ৷

এইবাৰো মৰিগাঁও জিলা খনত শংকৰী কলা সংস্কৃতিৰ ধ্বজা উৰুৱাই অহা চৰাইবাহী অঞ্চলৰ তিনিটা স্থানত অনুষ্ঠিত হৈছে এই ১৬৫ বছৰীয়া ঐতিহাসিক কমিটি ভাওনা ৷ অৱশ্যে চৰাইবাহীৰ সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰত যোৱা ২ নবেম্বৰৰ পৰা বিভিন্ন কাৰ্যসূচীৰে এই কমিটি ভাওনা অনুষ্ঠিত কৰা হৈছে যদিও ৭ নবেম্বৰত অনুষ্ঠিত হ’ব মূল কমিটি ভাওনা ৷

বিশেষকৈ কাইলৈ দিনটোতে চৰাইবাহীৰ সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰত নাথ সম্প্ৰদায়ৰ লোক সকলে ১২ খন , সাৰ্বজনীন শংকৰ মন্দিৰত ৭ টা জনগোষ্ঠীয়ে ১০ খন আৰু বড়িগাঁও ৰাস মন্দিৰত চুতীয়া সম্প্ৰদায়ৰ লোক সকলে এখন সৰ্বমুঠ ২৩ খনকৈ অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হ’ব ৷

ইয়াৰ বাবে সাজু হৈ পৰিছে প্ৰায় এক হাজাৰ ভাৱৰীয়া আৰু প্ৰায় পাঁচ শতাধিক গায়ন বায়ন ৷ উদুলিমুদুলি হৈ পৰিছে সমগ্ৰ চৰাইবাহী অঞ্চল ৷ দ্বিতীয় বৈকুণ্ঠ আৰু বৃন্দাবনলৈ পৰিণত হ’ব সমগ্ৰ চৰাইবাহী অঞ্চলৰ আকাশ বতাহ ৷ লগতে দুৰ দুৰণিত অতিথিক আপ্যায়ন কৰিবলৈ সাজু হৈছে চৰাইবাহীৰ গৃহিণী তথা চৰাইবাহী বাসী ৷

assam nagaon raas