কাজলগাঁৱত এবছুৰ উদ্যোগত ৰাভা দিৱস উদযাপন...

কাজলগাঁৱত এবছুৰ উদ্যোগত ৰাভা দিৱস উদযাপন...
Published on
Updated on

ডিজিটেল সংবাদ, চিৰাংঃ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৫ সংখ্যক মৃত্যু দিৱস উপলক্ষ্যে বৃহস্পতিবাৰে কাজলগাঁৱত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত আৰু চিৰাং জিলা এবছুৰ সহযোগত কেন্দ্ৰীয় ভাবে "ৰাভা দিৱস" পালন কৰা হয় । বিয়লি ৪বজাত কাজলগাঁওস্থিত জিলা এবছুৰ কাৰ্য্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্যৰ্পন আৰু বন্তিপ্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে এবছুৰ সভাপতি দ্বীপেন বড়ো আৰু উপ সভাপতি খৌৰামদাও ওৱাৰীয়ে।

ইয়াৰ পাছতেই আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী, বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্য লাভ কৰা অৱসৰপ্ৰাপ্ত শিক্ষক পাণ্ডৱ ৰাভা, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰী সহ অন্যান্য আমন্ত্ৰিত অতিথিসকলে পুষ্প অৰ্পন কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে । উল্লেখ্য যে এবছুৰ উদ্যোগত আয়োজিত ৰাভা দিৱস উপলক্ষ্যে এক বিশেষ সভা অনুষ্ঠিত হয় । এবছুৰ সভাপতি দ্বীপেন বড়োৰ সভাপতিত্বত অনুষ্ঠিত সভাত আদৰণি ভাষণ আগবঢ়ায় উপ-সভাপতি খৌৰামদাও ওৱাৰীয়ে ।

সভাত সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীৰ সঞ্চালনাত অসম তথা বিটিআৰ এলেকাৰ শিক্ষা, সাহিত্য, কলা সংস্কৃতিৰ পৰা আৰম্ভ কৰি সমাজৰ হকে বিভিন্ন স্তৰত বিশেষ অৰিহণা আগবঢ়োৱা ১৫ গৰাকীকৈ ভিন্ন জাতি-জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তিক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয় । বিটিআৰ তথা অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সম্বৰ্ধনা জনোৱা বিশিষ্ট ব্যক্তিসকল ক্ৰমে সদৌ অসম ট্ৰাইবেল সংঘৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক পাণ্ডৱ ৰাভা, সমাজকৰ্মী কালীচৰণ অধিকাৰী, কোচ-ৰাজবংশী সন্মিলনীৰ প্ৰাক্তন সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰজিত চন্দ্ৰ ৰায়, জনিল কুমাৰ ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, সাহিত্য একাডেমী বঁটাপ্ৰাপক তথা অৱসৰপ্ৰাপ্ত প্ৰধানশিক্ষক গোবিন্দ বসুমতাৰী, সাহিত্য একাডেমী বঁটাপ্ৰাপক সাহিত্যক নন্দেশ্বৰ দৈমাৰীক সম্বৰ্ধনা জনোৱা হয়।

ইয়াৰোপৰি এবছুৰ উপদেষ্টা তথা সামাজিক কাৰ্য্যকৰ্তা খুংখ্ৰা স্বৰ্গীয়াৰী, দেবৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন উপাধক্ষ্য উত্তৰা বসুমতাৰী, অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা সমাজকৰ্মী হিৰণ্য নাথ, ৰঙিয়াৰ দেউলকুচি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বশিষ্ট নাথ, বশিষ্ট সমাজকৰ্মী তথা প্ৰকাশক পুলক অধিকাৰী, অসম অনুসূচীত জাতি পৰিষদৰ সভাপতি তথা সমাজকৰ্মী পৰমেশ্বৰ সুত্ৰধৰ, অসম চাওঁতাল সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি তথা সমাজকৰ্মী পাল্টন মাৰ্ডী, এবছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰাজেন খাকলাৰী আৰু বড়ো হাৰিমু আফাদৰ প্ৰাক্তন সভাপতি তথা বেতাৰ শিল্পী ৰজনী স্বৰ্গীয়াৰীক আৰ'নাই, মুগা কোট, পুষ্প স্তৱক, কলম আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয় ।

কাজলগাঁৱত এবছুৰ উদ্যোগত ৰাভা দিৱস উদযাপন...
পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত ৰাভা দিৱস পালন....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in