কলিয়াবৰত ৰাভা দিৱস উদযাপন...

কলিয়াবৰত ৰাভা দিৱস উদযাপন...
Published on
Updated on

ডিজিটেল সংবাদ,কলিয়াবৰঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিৰ ব্যৱস্থাপনাত বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে হাটবৰ কেন্দ্ৰীয় নাট্য সমাজ ভৱনত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়। এই উদ্দেশ্যৰে অনুষ্ঠিত হোৱা মুকলি সভাত কৃতী ছাত্ৰ-ছাত্ৰীসকলক বিশেষ অভিনন্দন জনোৱাৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়োৱা চাৰিগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়।

সম্বৰ্ধীত ব্যক্তিসকল হ'ল ক্ৰমে বিশিষ্ট শিল্পী যোগেন বৰদলৈ, ক্ৰীড়া সংগঠক গোলাপ চন্দ্ৰ শইকীয়া, বিশিষ্ট সাহিত্যিক ধ্ৰুৱজ্যোতি শৰ্মা আৰু বিশিষ্ট কৃষক গৌতম বৰা। জিলা সভাপতি চন্দন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল গোহাঁই কয় যে, নৱ প্ৰজন্মৰ মাজলৈ ৰাভা দেৱৰ আদৰ্শক লৈ যাব পাৰিলেহে দিৱস উদযাপন কৰাৰ সাৰ্থকতা থাকিব। সভাখনি উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক নৃপেন কেওঁটে।

সম্পাদক মৃগাংক বৰাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত ক্ৰমে কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষ সঞ্জীৱ কুমাৰ হাজৰিকা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা সুবৰ্ণ লতা মহন্ত, কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা নৱনীতা দল বৰুৱা আদিয়ে ভাষণ প্ৰদান কৰে। সমবেত সংগীতেৰে আৰম্ভ হোৱা সভা খনিত বিশিষ্ট অতিথি হিচাপে কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা পুলক বৰা, কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তৰুণ মুক্তিয়াৰ, কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা প্ৰদীপ লস্কৰ, কৃষ্ণৰাম বৰুৱা, দেৱদত্ত ভূঞাই অংশগ্ৰহণ কৰে।

সভাত দুই শতাধিক লোকে অংশগ্ৰহণ কৰে। পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ কাৰ্যসূচীৰ পাছতে অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতা উদ্বোধন কৰে উপদেষ্টা প্ৰদীপ লস্কৰে।

আনহাতে কলিয়াবৰ শাখা সাহিত্য সভাৰ উদ্যোগত, লেখিকা সমাৰোহ সমিতি: কলিয়াবৰ জিলা পৰিষদ, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সহযোগত, পূৱথৰীয়া উচ্চ মাধ্যমিক বিদ্যালয় আৰু মাধতাৰি ৰাইজৰ ব্যৱস্থাপনাত আজি পূৱথৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়। কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি নবীন বৰঠাকুৰ, কলিয়াবৰ লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সন্ধ্যা খাউণ্ড, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সভাপতি মানস জ্যোতি বৰুৱা আৰু পূৱথৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিগন্ত মহন্তই পূৱা পতাকা উত্তোলন আৰু মাধতাৰি গাওঁ উন্নয়ন সমিতিৰ সভাপতি ভোলানাথ গোস্বামীয়ে কলাগুৰুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে।

অনুষ্ঠানত পুৱা কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰু কলিয়াবৰ লেখিকা সমাৰোহ সমিতিয়ে কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰে। বিয়লি নবীন বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিলীপ কুমাৰ হাজৰিকাই নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকি কলাগুৰুৰ কৰ্মৰাজী আলোকপাত কৰে আৰু অনুষ্ঠানত মাধতাৰি নিবাসী কলিয়াবৰৰ বিশিষ্ট শিল্পী - অভিনেতা হুম বৰাক সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

কলিয়াবৰ শাখা সাহিত্য সভাৰ সম্পাদক বিৰাজ ভূষণ বৰাই আঁতধৰা‌ আৰু সাংস্কৃতিক কৰ্মী পৰেশ নাথ ভূঞাই আদৰণি বক্তব্য আগবঢ়োৱা অনুষ্ঠানত ২০২৩ বৰ্ষৰ সাহিত্যাচাৰ্য মহিম বৰা সোঁৱৰণী সদৌ অসম চুটি গল্প প্ৰতিযোগিতাৰ পুৰস্কাৰ আৰু সত্যচৰণ শৰ্মা ন্যাসৰ বঁটা প্ৰদান কৰে। এই অনুষ্ঠানত কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিদ্বয় গুণীন হাজৰিকা, হেমোধৰ হাজৰিকা, প্ৰাক্তন সম্পাদক মৃণাল কুমাৰ হাজৰিকা, সুবৰ্ণলতা মহন্ত, গুণাৰাম বৰুৱা, কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অম্লান গোস্বামী, জগত মেধি, পুষ্কৰ জ্যোতি মহন্ত কে প্ৰমুখ্য কৰি কলিয়াবৰৰ বিভিন্ন ব্যক্তি - অনুষ্ঠানৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

কলিয়াবৰত ৰাভা দিৱস উদযাপন...
জোনাইত নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in