উন্নয়নৰ নমুনা! সাঙীত তুলি ৰোগীক লৈ গ'ল চিকিৎসালয়লৈ

উন্নয়নৰ নমুনা! সাঙীত তুলি ৰোগীক লৈ গ'ল চিকিৎসালয়লৈ
Published on
Updated on

ডিজিটেল সংবাদ,ৰহাঃ যি সময়ত ৰাজ্য চৰকাৰখনে সৰ্বত্ৰে উন্নয়নৰ ঢাক ঢোল বজাই ফুৰিছে সেই সময়তে ৰহা চাপৰমুখৰ গাতে লাগি থকা ২নং নেলীপাৰই এই পৰ্যন্ত নেদেখিলে উন্নয়নৰ মুখ। ইয়াৰে উদাহৰণ চাপৰমুখৰ এগৰাকী ৰোগীক চিকিৎসাৰ বাবে ঘৰৰ পৰা বহুদূৰ সাঙী কৰি নি নাৱেৰে কপিলী নদী পাৰ কৰি নগাঁৱলৈ নিয়ে পৰিয়ালৰ লোকে।

উল্লেখ্য যে, বহু সমস্যাৰে ভাৰাক্ৰান্ত ৰহা উন্নয়ন খণ্ডৰ অন্তৰ্গত মাগুৰগাঁও গাঁও পঞ্চায়তৰ ২নং নেলীপাৰৰ এই গাঁওখন। গাঁওবাসীয়ে জানিব দিয়া মতে, যোগাযোগৰ ব্যৱস্থা তথা সময়ত চিকিৎসালয়লৈ নিব নোৱাৰা বাবে ইতিমধ্যে গাঁওখনত মৃত্যুমুখত পৰিছে বহু লোক।সেয়ে শীঘ্ৰে গাঁওখনত উপস্থিত হৈ কিছু উন্নয়নৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা জন প্ৰতিনিধিক আহ্বান জনাইছে ৰাইজে।

উন্নয়নৰ নমুনা! সাঙীত তুলি ৰোগীক লৈ গ'ল চিকিৎসালয়লৈ
চাৰি শীৰ্ষ মাওবাদীৰ আত্মসমৰ্পণঃ মূৰৰ মূল্য নিৰ্ধাৰণ কৰা আছিল ২০ লাখ টকা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in