বছৰ বছৰ ধৰি চৰম যন্ত্ৰণাঃ ৰহাৰ এই পথচোৱা নেদেখে বিধায়ক-মন্ত্ৰীয়ে...

বছৰ বছৰ ধৰি চৰম যন্ত্ৰণাঃ ৰহাৰ এই পথচোৱা নেদেখে বিধায়ক-মন্ত্ৰীয়ে...
Published on
Updated on

ডিজিটেল সংবাদ, ৰহাঃ ৰাজ্যত এতিয়া বানৰ তাণ্ডব। চাৰিওদিশে বানৰ কবলত পৰি দুখ-যন্ত্ৰণাত ককবকাই আছে সৰ্বসাধাৰণ। কিন্তু এনে যন্ত্ৰণাৰ মাজতে নগাঁও জিলাৰ ৰহা বিধানসভাৰ হাটবৰত এটা যাতায়তৰ পথে বছৰ বছৰ ধৰি চৰম যন্ত্ৰণা ভুগাইছে গাঁওবাসীক। চাওক এই দৃশ্যবোৰ। হয়, এইটো ৰহা সমষ্টিৰ হাটবৰ গাঁও পঞ্চায়তৰ ৪নং ৱাৰ্ডৰ পশ্চিম হাটবৰ গাঁও। মূলপথৰ গুণেন্দ্ৰ গাঁওখোৱাৰ ঘৰৰ পৰা কপিলীনদীৰ মাথাউৰি সংযোগী পথটোৰ বৰ্তমানৰ দুৰৱস্থা এয়া। বিগত ১৯৮৫ চনতে নিৰ্মাণ কৰা এই পথটোৱেই হ'ল পশ্চিম হাটবৰ গাঁওৰ একমাত্ৰ যাতায়তী পথ।

কিন্তু বৰ্তমান এজাক সাধাৰণ বৰষুণ দিলেই পথেদি যাব নোৱাৰে কোনো গাঁওবাসী। কাৰণ বোকা আৰু আঠালেটীয়া মাটিৰ বাবে এজাক সাধাৰণ বৰষুণতেই অতি পিছল হৈ পৰে পথটো। যাৰ বাবে বাইক, গাড়ীৰ কথা বাদেই খোজকাঢ়িও যাব নোৱাৰে পথত। লগতে এই পথটোৰ উত্তৰ দিশে আছে এটা জান। বাৰিষাৰ আগমনৰ লগে লগে জানটোত পানী হয় আৰু বন্ধ হৈ পৰে যাতায়ত। কিন্তু জানৰ সিপাৰে স্কুল থকাত ছাত্ৰ-ছাত্ৰীৰ বাবে আৰু সাধাৰণ যাতায়তৰ বাবে স্থানীয় ৰাইজে নিজৰ খৰছেৰে নিৰ্মাণ কৰি লৈছে সাঁকো।

বিপদ সংকুল সাঁকোৱেদি অহাযোৱা কৰে স্থানীয় ৰাইজ। কিন্তু এনে দুৰৱস্থাৰ মাজতো স্থানীয় বিধায়ক অথবা পঞ্চায়ত প্ৰতিনিধিৰ চকু নপৰে পথটোলৈ। অভিযোগ অনুসৰি হাটবৰ গাওঁপঞ্চায়তৰ যোগেদি দুবৰৰ আগতে এমজিএনৰেগা আঁচনিৰ অধীনত পথচোৱা মেৰামতিৰ বাবে আবন্টন হৈছিল প্ৰায় ৯ লাখ ৩৯ হাজাৰ টকা। প্ৰায় এক কিল'মিটাৰ দৈৰ্ঘৰ পথটোত ৪০০ মিটাৰমানত মাটি পেলাই বাকীখিনি পাছত কৰিম বুলি আজি প্ৰায় দুবছৰে আধাৰুৱা হৈ ৰ'ল পথ মেৰামতিৰ কাম।

আনকি এই বিষয়ে অভিযোগ দিলেও গুৰুত্ব নিদিয়ে পঞ্চায়ত প্ৰতিনিধিয়ে। কিন্তু পথটো নিৰ্মাণৰ নামত আবন্টন হোৱা ৯লাখ ৩৯ হাজাৰ টকাৰ কিমান খৰচ কৰিলে তাৰো নাই হিচাপ। তদুপৰি এই পথেদি ধুৱা দলনি, পূববোলা, পশ্চিম হাটবৰ গাঁৱৰ ছাত্ৰ-ছাত্ৰী সকলে অহা-যোৱা কৰে নকুচি হাইস্কুললৈ। কিন্তু পথটোৰ অতি দুৰৱস্থাৰ বাবে ছাত্ৰ-ছাত্ৰী সকলৰো হাৰাশাস্তিৰ সন্মুখীন হৈছে।

যিটে সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ সকলো ৰাইজৰ উন্নয়ন, ৰাস্তা-ঘাট উন্নয়নত গুৰুত্ব দিছে,তেনে সময়তে ৰহা হাটবৰ পঞ্চায়তত ৯লাখ ৩৯ হাজাৰ টকাৰে ১ কিল'মিটাৰ পথটো মাটিৰে নিৰ্মাণ কৰিব নোৱাৰা কাৰ্যত ব্যাপক দূৰ্নীতি হোৱা বুলি অভিযোগ স্থানীয় ৰাইজৰ। গতিকে শীঘ্ৰে উক্ত পথটোৰ নামত আৱন্টিত পুঁজিৰ তদন্ত কৰি পথটোৰ যাতায়ত ব্যৱস্থা সুচল কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in