নিজকে নিৰ্দোষী বুলি দাবী কৰা ৰাহুল ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ...

নিজকে নিৰ্দোষী বুলি দাবী কৰা ৰাহুল ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ...

author-image
Asomiya Pratidin
New Update
নিজকে নিৰ্দোষী বুলি দাবী কৰা ৰাহুল ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ...

নিজকে নিৰ্দোষী বুলি দাবী কৰা ৰাহুল ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ...

ডিজিটেল ডেস্কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আনন্দ শৰ্মাৰ ৰেগিং কাণ্ডৰ সৈতে নাম জড়িত হৈ পৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা ৰাহুল চেত্ৰীক আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে। ৰেগিঙৰ বাবেই বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ পৰা জপিয়াই আত্মহত্যা কৰিবলৈ চেষ্টা কৰা আনন্দ শৰ্মাৰ ভাষ্য অনুসৰি ৰাহুলে তেওঁক আটাইতকৈ বেছি প্ৰহাৰ কৰিছিল।

সেয়েহে এই ঘটনাৰো মূল অভিযুক্ত বুলি ৰাহুল চেত্ৰীৰ নামেই প্ৰচাৰ হৈ আছিল। এই ঘটনা সংঘটিত হোৱাৰ পিছতে ২৭ নৱেম্বৰৰ পৰা আত্মগোপন কৰি আছিল ৰাহুল চেত্ৰীয়ে।

দীৰ্ঘদিন ধৰি আত্মগোপন কৰি থকাৰ পিছত আজি লেখাপানীত আত্মসমৰ্পণ কৰে ৰাহুলে। আত্মসমৰ্পণ কৰিয়েই ৰাহুলে এই ৰেগিং কাণ্ডৰ সৈতে তেওঁ জড়িত নহয় বুলি মন্তব্য কৰিছে।

ইফালে বিশ্ববিদ্যালয়খনৰ পি এন ডি বি ছাত্ৰাবাসৰ ৱাৰ্ডেনেও সেই নিশা মাত্ৰ ২ ঘণ্টাৰ বাবেহে ৰাহুল চেত্ৰী হোষ্টেলত উপস্থিত আছিল বুলি মন্তব্য কৰাৰ লগতে আন একাংশ ছাত্ৰই এই ঘটনাত তৃতীয় শক্তিৰ ষড়যন্ত্ৰও বিচাৰি পাইছে।

ক্লিক কৰি পঢ়কঃ শেষ হ'ল গুজৰাটৰ নিৰ্বাচনঃ কোনে লাভ কৰিব শাসনভাৰ? চাওঁক এক্সিট পোল...

সেয়া যিয়েই নহওক এই ঘটনাৰ মূল অভিযুক্ত বুলি চৰ্চিত ৰাহুলে আত্মসমৰ্পণ কৰা পিছতে লেখাপানীৰ পৰা ডিব্ৰুগড় সদৰ থানালৈ লৈ অনা হৈছিল। ডিব্ৰুগড় আৰক্ষীয়ে ইয়াৰ পিছতে ৰাহুলৰ স্বাস্থ্য পৰীক্ষা কৰি আদালতত হাজিৰ কৰাই আৰু আদলতে ৰাহুলক ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। ইফালে এই ঘটনা সন্দৰ্ভত এই পৰ্যন্ত আৰক্ষীয়ে ৭ জন ছাত্ৰক গ্ৰেপ্তাৰ কৰিছে।

ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰাহুল চেত্ৰী