ইম্ফলত উপস্থিত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীঃ সাহায্য শিবিৰ পৰিদৰ্শন

ইম্ফলত উপস্থিত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীঃ সাহায্য শিবিৰ পৰিদৰ্শন
Published on
Updated on

ডিজিটেল ডেস্কঃ সোমবাৰে মণিপুৰৰ ইম্ফলত উপস্থিত হ'ল কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী। উক্ত স্থানৰ সাহায্য শিবিৰ পৰিদৰ্শন কৰি হিংসাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক দেখা কৰে ৰাহুল গান্ধীয়ে।

জানিব পৰা মতে, আজি সন্ধিয়া ৫:৩০ বজাত মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকেক সাক্ষাৎ কৰিব ৰাহুল গান্ধীয়ে। ইয়াৰ পিছত সন্ধিয়া ৬.১৫ বজাত মণিপুৰ কংগ্ৰেছৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰিব সাংসদ গৰাকীয়ে।

ইম্ফলত ৰাহুল গান্ধীয়ে জিৰিবাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সাহায্য শিবিৰ পৰিদৰ্শন কৰি তাত হিংসাৰ বলি হোৱা লোকসকলক সহায় আগবঢ়ায়। শীঘ্ৰে মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ টুইবঙৰ সাদভাৱনা মণ্ডপত থকা সাহায্য শিবিৰ পৰিদৰ্শন কৰিব বুলিও জনাই ৰাহুলে। ইয়াৰ পূৰ্বে সোমবাৰে লখিমপুৰৰ ফুলৰতালত থকা এটা সাহায্য শিবিৰত বানাক্ৰান্ত ভুক্তভোগীক সাক্ষাৎ কৰিবলৈ অসম ভ্ৰমণ কৰিছিল ৰাহুল গান্ধীয়ে।

ইম্ফলত উপস্থিত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীঃ সাহায্য শিবিৰ পৰিদৰ্শন
আস্থা ভোটত জয়ী ঝাৰখণ্ডৰ হেমন্ত চোৰেন চৰকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in