অন্ত পৰিল চৰ্চাৰ: ৰাহুল গান্ধীৰ কান্ধতেই বিৰোধী দলৰ দলপতিৰ দায়িত্ব

অন্ত পৰিল চৰ্চাৰ: ৰাহুল গান্ধীৰ কান্ধতেই বিৰোধী দলৰ দলপতিৰ দায়িত্ব
Published on
Updated on

ডিজিটেল ডেস্কঃ অৱশেষত সকলো চৰ্চাক পৰিল ওৰ। ৰাহুল গান্ধীৰ কান্ধাতেই অৰ্পন কৰিলে লোকসভাৰ বিৰোধী দলৰ দলপতিৰ দায়িত্ব। মঙলবাৰে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কে চি বেণুগোপালে।

উল্লেখ্য যে কংগ্ৰেছৰ শেহতীয়াকৈ অনুষ্ঠিত হোৱা চি ডব্লিউ চি বৈঠকত ৰাহুল গান্ধীকেই এই দায়িত্ব ল'বলৈ জ্যেষ্ঠ কংগ্ৰেছীসকলে দাবী জনাইছিল। কিন্তু ৰাহুল গান্ধীয়ে এই দায়িত্ব ল'বলৈ প্ৰথম অৱস্থাত আগ্ৰহ প্ৰকাশ নকৰে। জ্যেষ্ঠনেতাৰ হেঁচাৰ পৰিপেক্ষিতত ৰাহুলে এই বিষয়ে বিবেচনা কৰিবলৈ কিছুসময় বিচাৰে।

সেয়ে ৰাহুলৰ বিকল্প হিচাপে তিনিজন কংগ্ৰেছ নেতাৰ নাম চৰ্চালৈ আহিছিল। এই চৰ্চাত নাম উচ্চাৰিত হৈছিল যোৰহাটৰ সাংসদ গৌৰৱ গগৈ, জ্যেষ্ঠ কংগ্ৰেছী মনিষ তিৱাৰী আৰু কুমাৰী ছেলজাৰ। অৱশেষত ৰাহুল গান্ধীয়ে জ্যেষ্ঠ কংগ্ৰছী নেতাৰ অনুৰোধত লোকসভাৰ বিৰোধী দলপতিৰ দায়িত্ব গ্ৰহণ কৰাত চৰ্চাত থকা এই বিষয়টোৰ অন্ত পৰে।

উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে দুই সংসদীয় সমষ্টি ক্ৰমে কেৰালাৰ ৱায়ানাড আৰু উত্তৰ প্ৰদেশৰ ৰায়বৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি দুয়োখন আসনতে জয় লাভ কৰিছে।

অৱশ্যে তেওঁ ৱায়ানাদ আসন ত্যাগ কৰি ৰায়বৰেলীৰ পৰা সাংসদ হিচাপে প্ৰতিনিধিত্ব কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাহুল গান্ধীৰ এই সিদ্ধান্তৰ পিছতেই ৱায়ানাড আসনৰ পৰা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।

অন্ত পৰিল চৰ্চাৰ: ৰাহুল গান্ধীৰ কান্ধতেই বিৰোধী দলৰ দলপতিৰ দায়িত্ব
কাণেৰে নুশুনা, মুখেৰে মাতিব নোৱাৰা মালিকাৰ দবা খেল দেখি বিশ্ব আজি আচৰিত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in