ৱায়ানাড সমষ্টি এৰিলে ৰাহুল গান্ধীয়ে!

ৱায়ানাড সমষ্টি এৰিলে ৰাহুল গান্ধীয়ে!
Published on
Updated on

ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এৰিব ৱায়ানাড লোকসভা সমষ্টি। ৱায়ানাডক বিদায় দি সংসদৰ নিম্ন সদনত ৰায়বৰেলীক প্ৰতিনিধিত্ব কৰিব ৰাহুলে ৷

ইয়াৰ পাছতেই লোকসভা সমষ্টিটোত অনুষ্ঠিত হব উপ নিৰ্বাচন। খালী হোৱা ৱায়ানাড লোকসভা আসনৰ পৰা উপ-নিৰ্বাচনত অৱতীৰ্ণ হ’ব প্ৰিয়ংকা গান্ধী। ২০১৯চনতো ৱায়ানাডৰ পৰা লোকসভা নিৰ্বাচনতো জয়ী হৈছিল ৰাহুল গান্ধী।

মল্লিকাৰ্জুন খৰ্গেই সোমবাৰে এই তথ্য সদৰি কৰে। সোমবাৰে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই দলটোৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গেৰ বাসগৃহত আলোচনাত মিলিত হোৱাৰ পিচতে এই সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে ৰাহুল গান্ধীয়ে এইবাৰ লোকসভা নিৰ্বাচনত দুটা সমষ্টি ক্ৰমে ৱায়ানাড আৰু ৰায়বৰেলীৰ পৰা জয়লাভ কৰিছিল। ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ প্ৰাৰ্থী এনী ৰাজাক ৩,৬৪,৪২২টা ভোটৰ ব্যৱধানত ৬৪৭৪৪৫টা ভোটেৰে পৰাস্ত কৰিছিল।

আনহাতে ৰায়বৰেলী সমষ্টিৰ পৰা ৬৮৭৬৪৯টা ভোট লাভ কৰিছিল ৰাহুল গান্ধীয়ে। বিজেপিৰ প্ৰাৰ্থী দীনেশ প্ৰতাস সিঙক ৩,৯০,০৩০টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি সমষ্টিটোত জয়লাভ কৰিছিল।

ৱায়ানাড সমষ্টি এৰিলে ৰাহুল গান্ধীয়ে!
সু-খবৰ! আজি দেশৰ কোটি-কোটি লোকৰ একাউণ্টত সোমাব ধন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in