শনি আৰু ৰাহুৰ প্ৰভাৱে শক্তিশালী কৰিব ৰাহুল গান্ধীক...

শনি আৰু ৰাহুৰ প্ৰভাৱে শক্তিশালী কৰিব ৰাহুল গান্ধীক...
Published on
Updated on

ডিজিটেল ডেস্কঃ জ্যোতিষ শাস্ত্ৰৰ মতে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীতকৈ কংগ্ৰেছ সাংসদ তথা নেতা ৰাহুল গান্ধী সকলো দিশতে বেছি শক্তিৱান। ৰাহুল গান্ধীৰ কুণ্ডলী অনুসৰি নেতাগৰাকীৰ লগ্ন হৈছে তুলা আৰু ৰাশি হৈছে ধনু।

সেই অনুসৰি বৰ্তমান সময় তেওঁৰ ৰাহু মহাদশা চলি আছে। ইয়াৰ লগতে শনিৰ অন্তদশা চলি আছে ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীৰ কুণ্ডলী অনুসৰি, তেওঁৰ পঞ্চম স্থানত আছে ৰাহু আৰু সপ্তম স্থানত আছে শনি।

যাৰ বাবে শনিয়ে তেওঁক অধিক শক্তিশালী আৰ ৰাহুয়ে তেওঁক দিব জনপ্ৰিয়তা। জ্যোতিষ শাস্ত্ৰৰ মতে, এইবাৰৰ কাৰ্যকালত অধিক শক্তিশালী নেতা হিচাপে বিবেচিত হোৱাৰ লগতে জনপ্ৰিয়তাও অৰ্জন কৰিব ৰাহুল গান্ধীয়ে।

ৰাহুল গান্ধীৰ এই যুগৰ বিপৰীতে প্ৰধানমন্ত্ৰীৰ চলি থকা বৰ্তমান যুগতো কিছু দুৰ্বল। সেয়েহে ভৱা হৈছে যে, এইবাৰৰ সদনত ৰাহুল গান্ধীয়ে বেছ প্ৰতিপত্তি বজাই ৰাখিবলৈ সক্ষম হব। ইয়াৰ বাবে তেওঁক সহায় কৰিব ৰাহু আৰু শনিয়ে।

(ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পৰা সংগৃহীত তথ্য)

শনি আৰু ৰাহুৰ প্ৰভাৱে শক্তিশালী কৰিব ৰাহুল গান্ধীক...
জয়ৰ মুখ নেদেখা পাকিস্তানৰ অধিনায়কত্ব হেৰুৱাব পাৰে বাবৰে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in