নৱাগত নেতা-কর্মীক সততা আৰু নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান অখিল গগৈৰ

ৰাইজৰ দলত বৃহৎ যোগদান কার্যসূচী
নৱাগত নেতা-কর্মীক সততা আৰু নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান অখিল গগৈৰ
Published on
Updated on

ডিজিটেল সংবাদ, গুৱাহাটী: শুকুৰবাৰে গুৱাহাটীৰ মাছখোৱাস্থিত আইটিএ প্রেক্ষাগৃহত ৰাইজৰ দলৰ এক বৃহৎ যোগদান কার্যসূচী অনুষ্ঠিত হয়। শিৱসাগৰ জিলা বিজেপিৰ প্রাক্তন সভাপতি ড০ ভৱেন্দ্র নাথ মহন, শদিয়া জিলা বিজেপিৰ প্ৰাক্তন সভাপতি যুধিষ্ঠিৰ গগৈ, বিজেপিৰ ৰাজ্যিক কাৰ্যনির্বাহক সদস্য গোপাল কাকতি, মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰাক্তন সচিব প্রধান প্রদীপ বুঢ়াগোহাঁই, প্রবীণ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ তথা সাংবাদিক-সাহিত্যিক নেপাল চৰকাৰৰ খেল ৰত্ন বঁটা লাভ কৰা মাধৱজ্যোতি দেউৰী, বিজেপি বকতা মৌজা মহিলা মৰ্চাৰ সম্পাদিকা ৰেখা বুঢ়াগোহাঁই, বিশিষ্ট সমাজকর্মী ৰাণা বুঢ়াগোহাঁই সহ কেইবা শতাধিক লোকে ৰাইজৰ দলত যোগদান কৰে।

ৰাইজৰ দলৰ নীতি আদর্শৰ প্রতি আকৃষ্ট হৈ যোগদান কৰা প্রতিজন নেতা কর্মীক দললৈ স্বাগতম জনাই সভাপতি অখিল গগৈয়ে। দলত যোগদান কৰি শদিয়া জিলা বিজেপিৰ প্ৰাক্তন সভাপতি যুধিষ্ঠিৰ গগৈয়ে কয় যে, “এচামে অসমক বিক্ৰী কৰাৰ পণ লৈছে আৰু আমি ইয়াত ৰক্ষা কৰিবলৈ সমবেত হৈছো। আনহাতে শিৱসাগৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি ড০ ভবেন্দ্র নাথ মহনে কয় যে, "আজি বহু বছৰ ধৰি আমি ভাৰতীয় জনতা পার্টী কৰিছিলোঁ নিষ্ঠা আৰু সততাৰে। কিন্তু দলে জাতি মাটিৰ ৰক্ষাৰ নামত আমাক প্ৰতাৰণাহে কৰিলে। কিন্তু এতিয়া আমি অসমক উদ্ধাৰ কৰিব লাগিব”।

ইয়াৰোপৰি সনাতনী বীৰ হিন্দু সেনা বৰপেটা জিলা সমিতিৰ সভাপতি ধর্মেন্দ্ৰ দাসৰ লগতে বিজেপি যুৱ মৰ্চাৰ শিৱসাগৰ জিলা সমিতিৰ প্ৰাক্তন সভাপতি প্রমোদ গগৈ, বীৰ লাচিত সেনা শিৱসাগৰ জিলা সমিতিৰ প্রাক্তন সাংগঠনিক সম্পাদক ধনজিৎ গগৈৰ নেতৃত্বত বহুলোকে আজি ৰাইজৰ দলত যোগদান কৰে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে দললৈ সকলোকে আদৰণি জনাই কয় যে, "২০২৬ত সাম্প্রদায়িক বিজেপিক আমি পৰাভূত কৰিব লাগিব। হিমন্ত বিশ্ব শৰ্মা চৰকাৰক শাসনৰ পৰা আঁতৰাবলৈ ঐক্যবদ্ধ হৈ সকলোবে যুঁজিব লাগিব। সাম্পদায়িক ৰাজনীতিত ৰাইজ অতিষ্ঠ হৈছে। নৱাগত সকলো নেতা-কর্মীক সততা আৰু নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনাই ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে”।

উক্ত অনুষ্ঠানত উপস্থিত থাকি ৰাইজৰ দলৰ ৰাজনৈতিক উপদেষ্টা ড০ ঘনশ্যাম নাথ আৰু দিলীপ বৰা ডাঙৰীয়াই দলত নতুনকৈ যোগদান কৰা সকলক আদৰণি জনোৱাৰ লগতে দলৰ নীতি-আদর্শক সাৰোগত কৰি দেশ জাতিক সেৱা কৰি যাবলৈ আহ্বান জনায়।

নৱাগত নেতা-কর্মীক সততা আৰু নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান অখিল গগৈৰ
অযোধ্যাত কুটুম্ব সুৰক্ষা পৰিষদৰ বৃহৎ "ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলন"...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in