ডাঙৰ সিদ্ধান্তঃ অৱসৰী কৰ্মচাৰীক পুনৰ চাকৰিত ৰাখিব ৰে'লৱে বিভাগে...

ডাঙৰ সিদ্ধান্তঃ অৱসৰী কৰ্মচাৰীক পুনৰ চাকৰিত ৰাখিব ৰে'লৱে বিভাগে...

author-image
Asomiya Pratidin
New Update
ডাঙৰ সিদ্ধান্তঃ অৱসৰী কৰ্মচাৰীক পুনৰ চাকৰিত ৰাখিব ৰে'লৱে বিভাগে...

ডিজিটেল ডেস্কঃ দেৱালীৰ পূৰ্বে ৰে'লৱে বিভাগৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ উপহাৰ। বিভাগৰ কৰ্মচাৰীৰ চাহিদা পূৰণৰ উদ্দেশ্যৰে ৬৫বছৰতকৈ কম বয়সত অৱসৰ লোৱা কৰ্মচাৰীসকলক পুনৰ চাকৰিত মকৰল কৰিব ৰেলৱে বিভাগে।

ৰে'লৱেৰ এই যোজনা অনুসৰি ৬৫বছৰতকৈ কম বয়সৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে ছুপাৰভাইজাৰ নতুবা ট্ৰেক মেনৰ পদবীৰ বাবে পুনৰ আবেদন কৰিব পাৰিব। শেহতীয়াকৈ বিছনেছ টুডেত প্ৰকাশিত এক খবৰ অনুসৰি এই চাকৰিৰ কাৰ্যকাল মাত্ৰ দুবছৰ।

মেডিকেল ফিটনেছ আৰু অৱসৰগ্ৰহণ কৰা আগৰ ৫বছৰৰ কামৰ ৰেকৰ্ড পৰীক্ষা কৰি পুনৰ চাকৰিত মকৰল কৰিব ৰে'লৱে বিভাগে। ৰেলৱে বিভাগে প্ৰথম পৰ্যায়ত প্ৰায় ২৫হাজাৰ এনে পদৰ সৃষ্টি কৰিছে। প্ৰাপ্ত খবৰ অনুসৰি, এই ব্যৱস্থাৰ বাবে কেৱল উত্তৰ-পশ্চিম ৰে'লৱেতে খালী আছে ১০হাজাৰ পদ।

ৰে'লৱে বিভাগ