বৰ্ষাপাৰাত ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছৰ জয়লাভ : ধোনীৰ প্ৰদৰ্শনত নিৰাশ অনুৰাগী...

চলিত আই পি এলত প্ৰথমটো বিজয় সাব্যস্ত কৰিছে ৰাজস্থান ৰয়েলছে। অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত বিগত দুখন মেচত পৰাস্ত হৈছিল যদিও আজি গৃহ চহৰ গুৱাহাটীত ৫বাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৰোমাঞ্চকৰ বিজয় সাৱ্যস্ত কৰে। 

author-image
Asomiya Pratidin
New Update
ipl

ডিজিটেল ডেস্ক : চলিত আই পি এলত প্ৰথমটো বিজয় সাব্যস্ত কৰিছে ৰাজস্থান ৰয়েলছে। অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত বিগত দুখন মেচত পৰাস্ত হৈছিল যদিও আজি গৃহ চহৰ গুৱাহাটীত ৫বাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৰোমাঞ্চকৰ বিজয় সাৱ্যস্ত কৰে। 

উল্লেখযোগ্য যে টছত পৰাস্ত হৈ ৰাজস্থানে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ৯টা উইকেট হেৰুৱাই ১৮২ ৰান সংগ্ৰহ কৰে। ৰাজস্থানৰ এই ৰানৰ মূলতে নিতীশ ৰাণাৰ আৰু অধিনায়ক ৰিয়ান পৰাগৰ অনবদ্য ৰান। 

বৰ্ষাপাৰাত আজিৰ মেচৰ জৰিয়তে চলিত আই পি এলত প্ৰথমটো অৰ্ধশতক অৰ্জন কৰে নিতীশ ৰাণাই। তেওঁ দললৈ ৮১ ৰানৰ উল্লেখযোগ্য বৰঙণি আগবঢ়ায়। আনহাতে অধিনায়ক ৰিয়ানে ২৮টা বলত ৩৭ ৰান সংগ্ৰহ কৰি দলৰ বিজয়ত অন্যতম ভূমিকা পালন কৰে।

ইফালে জয়ৰ লক্ষ্য আগত লৈ খেলপথাৰত নমা চেন্নাইয়ে ৬টা উইকেট হেৰুৱাই ১৭৬ ৰানতে ইনিংছ সামৰি পৰাজয়বৰণ কৰে। উল্লেখযোগ্য যে প্ৰিয় তাৰকা মহেন্দ্ৰ সিং ধোনীক চাবলৈ ষ্টেডিয়ামত ভিৰ কৰা দৰ্শকক নিৰাশ কৰে কেপ্তেইন কুলে। তেওঁ মাত্ৰ ১৬ ৰান কৰিয়ে বিদায় মাগে। অৱশ্যে অধিনায়ক ৰুতুৰাজ গাইকোড়াৱে ৬৩ ৰান সংগ্ৰহ কৰি চেন্নাইৰ অনুৰাগীক আমোদ দিয়ে।

rajasthan royals chennai super kings