ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে নিশা ৰাজস্থানৰ ওচৰৰ যোধপুৰৰ এখন বিবাহ অনুষ্ঠানত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। বিবাহৰ সময়ত দুটা গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত দুটাকৈ শিশু নিহত হোৱাৰ লগতে প্ৰায় ৫০ জন লোক আহত হয়।
জানিব পৰা মতে বিবাহস্থলীত খাদ্য বনাই থকাৰ সময়ত এটা গেছ চিলিণ্ডাৰ লিক হৈ এই বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণৰ ফলত বিয়াখন অনুষ্ঠিত হোৱা ঘৰটোৰ এটা অংশও খহি পৰে।
আহত সকলৰ ভিতৰত প্ৰায় ১২ জনৰ অৱস্থা অধিক সংকটজনক বুলি জানিব পৰা গৈছে। আটাইকে হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। আজি সন্ধিয়া ৰাজ্য খনৰ মুখ্যমন্ত্ৰী অশোক গেহলটে আহত সকলৰ খবৰ লোৱাৰ সম্ভাৱণা আছে।