ৰাজেন দাসৰ 'আইৰন গাৰ্লছ'লৈ বিচাৰকৰ বিশেষ সন্মান

ৰাজেন দাসৰ 'আইৰন গাৰ্লছ'লৈ বিচাৰকৰ বিশেষ সন্মান
Published on
Updated on

ডিজিটেল সংবাদ, পাটাছাৰকুছিঃ বজালী জিলাৰ পাটাছাৰকুছি নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অধ্যাপক তথা চলচ্চিত্ৰ পৰিচালক ভালুকী নিবাসী ৰাজেন দাসে নিৰ্মাণ কৰা অসমীয়া চলচ্চিত্ৰ “আইৰন গাৰ্লছ“লৈ আহিছে বিশেষ সাফল্য৷ দেওবাৰে নিশা হিমাচল প্ৰদেশৰ ৰাজধানী চহৰ চিমলাত সামৰণি পৰা দশম আন্তঃৰাষ্ট্ৰীয় চিমলা চলচ্চিত্ৰ মহোৎসৱত ৰাজেন দাস পৰিচালিত অসমৰ ছবি “আইৰন গাৰ্লছ“এ বহু সংখ্যক চলচ্চিত্ৰৰ মাজৰ পৰা শ্ৰেষ্ঠ চলচ্চিত্ৰ শিতানত “বিচাৰকৰ বিশেষ ফিচাৰ ফিল্মৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়৷

দেওবাৰে চিমলাৰ ঐতিহাসিক গেইটি থিয়েটাৰত হিমাচলৰ ৰাজ্যপাল শিৱ প্ৰতাপ শুক্লাই পৰিচালক ৰাজেন দাসৰ হাতত এই পুৰস্কাৰ তুলি দিয়ে৷ উল্লেখ্য যে যোৱা ১৬ আগষ্টত চিমলা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ উদ্বোধন কৰিছিল ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত বলিউডৰ অভিনেত্ৰী তথা “বেণ্ডিত কুইন“ খ্যাত সীমা বিশ্বাসে৷ তিনিদিন ধৰি চলা এই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ২২খন বিদেশী ৰাষ্ট্ৰৰ লগতে ভাৰতৰ ২৭ খন ৰাজ্যই যোগদান কৰিছিল৷

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়,কেন্দ্ৰীয় ফিল্ম বোৰ্ড, এন ডি এফ চি, হিমাচল প্ৰদেশ চৰকাৰৰ সহযোগত অনুষ্ঠিত এই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত যোৱা তিনিদিনত নিৰ্বাচিত হোৱা দেশী বিদেশী ছবিসমূহ প্ৰদৰ্শন কৰা হৈছিল৷ অসমৰ পৰা উৎপল দত্তৰ তথ্যচিত্ৰ “ফাগু খেলে কৰুণাময়“,পৰিচালক পাৰ্থজিৎ বৰাৰ চলচ্চিত্ৰ “নেলীৰ কথা“ আৰু ৰাজেন দাসৰ চলচ্চিত্ৰ “আইৰন গাৰ্লছ“ প্ৰদৰ্শন হৈছিল অধিক সংখ্যক পুৰস্কাৰ আজুৰি নিয়ে ইৰানৰ চলচ্চিত্ৰ সমূহে৷

উল্লেখ্য যে পুৰস্কাৰ প্ৰদান অনুষ্ঠানত ’আইৰন গাৰ্লছ“ পৰিয়ালৰ তৰফৰ পৰা পৰিচালক ৰাজেন দাসৰ সতে উপস্থিত আছিল চলচ্চিত্ৰখনৰ সহযোগী পৰিচালক মিনাক্ষী দাস,অভিনেত্ৰী আশা বৰদলৈ, অভিনেত্ৰী জেচমিন দাস আৰু শিশু শিল্পী পাৰ্থিব পিনাক দাস৷মহোৎসৱত উপস্থিত থকা অসমৰ প্ৰখ্যাত লেখক-সমালোচক উৎপল দত্ত,পৰিচালক পাৰ্থজিৎ বৰুৱাই চিমলাৰ ঐতিহাসিক গেইটি থিয়েটাৰত ৰাজ্যপালৰ সন্মুখত মহোৎসৱ কৰ্তৃপক্ষই জুৰীৰ অনুমতি অনুসৰি l

’আইৰণ গাৰ্লছ'ক বিজয়ী ঘোষণা কৰাৰ লগে লগে টিম আইৰন গাৰ্লছ পৰিয়ালক অভিনন্দন জনায়৷ সামৰণি অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে মহোৎসৱত উপস্থিত থকা অভিনেত্ৰী সীমা বিশ্বাসে পৰিচালক ৰাজেন দাসক অসমৰ এই সাফল্যৰ বাবে অভিনন্দন জনায়৷ অসমৰ বিভিন্ন দল,সংগঠন,অনুষ্ঠান প্ৰতিষ্ঠানে ইতিমধ্যেই এই খবৰ লাভ কৰি পৰিচালক ৰাজেন দাসলৈ অভিনন্দন বাৰ্তা প্ৰেৰণ কৰিছে৷

আনহাতে অসমৰ চলচ্চিত্ৰৰ এই সাফল্যত পৰিচালক ৰাজেন দাসৰ গৃহ জিলা পৰিচালকগৰাকীৰ কৰ্মভূমাি স্থানীয় নিৰ্মল হালৈ মহাবিদ্যালয়ৰ শিক্ষক,ছাত্ৰছাত্ৰীয়ে শুভেচ্ছা জনাইছে৷ উল্লেখ্য যে পৰিচালক ৰাজেন দাসে ইতিমধ্যেই এই পুৰস্কাৰ অসমৰ সকলো ওজাপালি আৰু দেওধনী লোকশিল্পীৰ নামত উছৰ্গা কৰিছে৷

ৰাজেন দাসৰ 'আইৰন গাৰ্লছ'লৈ বিচাৰকৰ বিশেষ সন্মান
স্বাধীনতাৰ বিৱৰ্তনশীল অৰ্থ, আধুনিক পৃথিৱীত স্বাধীনতাৰ প্ৰতিফলন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in