ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ ধলাইবিল কেন্দ্ৰত পৰম্পৰাগতভাৱে চলি অহা সাৰ্ব্বজনীন ৰাস মহোৎসৱ ভাগ এইবাৰ বৃহত্তৰ উত্তৰ জামুগুৰিৰ মহিলা আই-মাতৃসকল একত্ৰিত হৈ কেৱল মহিলাসকলৰ দ্বৰাই সাৰ্ব্বজনীন মহিলা ৰাস মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাইছে ৷ ধলাইবিলৰ শ্ৰীমন্তশঙ্কৰদেৱৰ সেৱাশ্ৰমত অহা ১৫ নবেম্বৰৰ ৰাস পূৰ্ণিমাৰ দিনাই অনুষ্ঠিত হ’ব লগা সাৰ্ব্বজনীন মহিলা ৰাস মহোৎসৱৰ বাবে অঞ্চলটোৰ মহিলা যুৱতীসকল ৰাসৰ আখৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ৷
কৃষ্ণ আৰু অসুৰক আদি কৰি সকলো ভাওত ভাৱৰীয়া হিচাপে অংশগ্ৰহণ কৰা মহিলা ও যুৱতী সকলোৱে কেৱল নিজৰ নিজৰ অভিনয় প্ৰতিভা প্ৰদশৰ্নৰ হেতু ৰাস পূৰ্ণিমাৰ নিশালৈহে অধিক আগ্ৰহেৰে অপেক্ষা কৰিছে মাথো ৷ অহা ১৫ নবেম্বৰৰ ৰাসপূৰ্ণিমাৰ সন্ধিয়া সাৰ্ব্বজনীন মহিলা ৰাস মহোৎসৱ ভাগ শুভ উদ্বোধন কৰিব নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷
এই উপলক্ষে উত্তৰ জামুগুৰি মহিলা ৰাস উদযাপন সমিতিৰ সভানেত্ৰী ৰূপালী বৰা আৰু সম্পাদিকা পূৰবী দাসৰ লগতে বিষয়ববীয়া সদস্যাসকলে সাৰ্ব্বজনীন মহিলা ৰাস মহোৎসৱ ভাগলৈ বৃহত্তৰ অঞ্চলটোৰ বাপ- বান্ধৱ, আই, যুৱক- যুৱতীৰ লগতে সকলো শ্ৰেণীৰ ধৰ্ম্মপ্ৰাণ ৰাইজৰ প্ৰতি সাদৰেৰে নিমন্ত্ৰণী শৰাই আগবঢ়াইছে ৷
Also Read: যমুনাপৰীয়া শাখা সাহিত্য সভাৰ ভাষা গৌৰৱ সপ্তাহ উদযাপন