কামৰ গেৰান্টীসহ ৰকিবুল হুচেইনৰ পুত্ৰই চলালে নিৰ্বাচনী প্ৰচাৰ...

কামৰ গেৰান্টীসহ ৰকিবুল হুচেইনৰ পুত্ৰই চলালে নিৰ্বাচনী প্ৰচাৰ...

author-image
Asomiya Pratidin
New Update
কামৰ গেৰান্টীসহ ৰকিবুল হুচেইনৰ পুত্ৰই চলালে নিৰ্বাচনী প্ৰচাৰ...

ডিজিটেল সংবাদ, হাটশিঙিমাৰীঃ হাটশিঙিমাৰীত এন.এছ.ইউ.আইৰ সমাৰোহত ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন নিৰ্বাচনী প্ৰচাৰ । নাবালক স্কুলীয়া ছাত্ৰ-ছাত্ৰী ব্যৱহাৰ কৰি কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ । মানকাচৰত গৰাখহনীয়াৰ প্ৰতিৰোধ, ৰাস্তা, চাকৰি, মাল্টি স্পেচিয়েল মেডিকেল নিৰ্মাণৰ গেৰাণ্টি ৰকিবুল পুত্ৰ তানজিলৰ । দিল্লীত এইবাৰ ইণ্ডিয়া এলাইঞ্চৰ চৰকাৰ হলে ছমাহৰ ভিতৰত দিছপুৰত কংগ্ৰেছৰ চৰকাৰ হব।

মানকাচৰ এন.এছ.ইউ.আই আৰু যুৱ কংগ্ৰেছৰ উদ্যোগত শুক্ৰবাৰে বিয়লি প্ৰায় ৫ বজাত হাটশিঙিমাৰীত অনুষ্ঠিত হয় নিৰ্বাচনী সমাৰোহ। এই সমাৰোহত ৰকিবুল হুছেইনৰ পুত্ৰ তথা সৰ্বভাৰতীয় এন.এছ.ইউ.আইৰ সম্পাদক তানজিল হুছেইনৰ লগতে ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা, মানকাচৰৰ প্ৰাক্তন বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডল আৰু অসম কংগ্ৰেছ সংখ্যালঘু বিভাগৰ সম্পাদক মহিবুৰ ৰহমান বাপ্পি উপস্থিত আছিল।

তাৎপৰ্যপূৰ্ণ ভাৱে মানকাচৰ যুৱ কংগ্ৰেছ আৰু এন.এছ.ইউ.আইৰ সমাৰোহত কমবয়সীয়া নাবালক ছাত্ৰ-ছাত্ৰীক দেখা পোৱা গল। মানকাচৰ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা নাবালক ছাত্ৰ-ছাত্ৰী সকলক কংগ্ৰেছ কৰ্মী সকলে আনি বহু সময় বহুৱাই ৰাখি নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। সমাৰোহখনত বিধায়ক নুৰুল হুদা আৰু ৰকিবুল পুত্ৰ তানজিল হুছেইন ভাষণ প্ৰদান কৰি কংগ্ৰেছৰ হাত শক্তিশালী কৰিবলৈ উপস্থিত যুৱক-যুৱক আৰু নাবালক স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলক আহ্বান জনায়।

ভাষণ প্ৰসংগত ৰকিবুল হুছেইনৰ পুত্ৰ তানজিলৰ দাবী- মানকাচৰত গৰাখহনীয়া প্ৰতিৰোধ, ৰাস্তা নিৰ্মাণ, মাল্টি স্পেচিয়েলিষ্ট হাস্পাতাল আৰু চাকৰি দিয়া হব। দিল্লীত কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ পাচত ৬ মাহৰ ভিতৰত দিছপুৰত কংগ্ৰেছে দখল কৰিব বুলিও তেওঁ দাবী কৰে।

Also Read: AIUDFৰ গোচৰঃ অখিল গগৈলৈ নিৰ্বাচন আয়োগৰ কাৰন দৰ্শোৱাৰ জাননী...

লোকসভা নিৰ্বাচন ২০২৪ ৰকিবুল হুচেইন