কেনেকৈ চাকৰি দিছিল ৰকিবুল হুছেইনেঃ আৰক্ষীক তদন্তৰ নিৰ্দেশ মুখ্য়মন্ত্ৰীৰ...

কেনেকৈ চাকৰি দিছিল ৰকিবুল হুছেইনেঃ আৰক্ষীক তদন্তৰ নিৰ্দেশ মুখ্য়মন্ত্ৰীৰ...

author-image
Asomiya Pratidin
New Update
কেনেকৈ চাকৰি দিছিল ৰকিবুল হুছেইনেঃ   আৰক্ষীক তদন্তৰ নিৰ্দেশ মুখ্য়মন্ত্ৰীৰ...

ডিজিটেল ডেস্কঃ উপ নিৰ্বাচনৰ পিছতে বিপদত পৰিব পাৰে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন। নিজে কোৱা এটা কথাৰ বাবেই এই বিপদে লগ দিব পাৰে কংগ্ৰেছ সাংসদগৰাকীক। কিছুদিনৰ পূৰ্বে এক বিষয়ৰ প্ৰসংগত ৰকিবুল হুছেইনে কৈছিল যে, তেওঁ মন্ত্ৰী হৈ থাকোতে চামগুৰিৰ প্ৰায় প্ৰতিটো পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি প্ৰদান কৰিছিল। সাংসদগৰাকীৰ এই মন্তব্যৰ আঁত ধৰিয়ে শেহতীয়াকৈ উভতি ধৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

শেহতীয়াকৈ উপ নিৰ্বাচনৰ প্ৰচাৰ চলাই থকাৰ সময়তে এই বিষয়টো গুৰুত্ব সহকাৰে লোৱাৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিষয়টো উপ নিৰ্বাচনৰ বাবে তদন্ত কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়-  'ৰাকেশ পালে চাকৰি দিয়াটো গম পাইছিলোঁ। কিন্তু ৰকিবুল হুছেইনে চাকৰি দিয়াটো আমি গম পোৱা নাছিলোঁ। যিহেতু নিজেই বিষয়টো উল্লেখ কৰিছে গতিকে আমি পৰীক্ষা কৰিব লাগিব। উপ-নিৰ্বাচনৰ পাছত সোধা-পোছা কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছোঁ।'

বঙাইগাঁৱত ৰকিবুল হুছেইনৰ বিৰুদ্ধে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে,  এগৰাকী মন্ত্ৰীয়েতো চাকৰি দিব নোৱাৰে গতিকে তেওঁ কেনেকৈ চাকৰি দিলে  সেই সন্দৰ্ভত তদন্ত হব উপ নিৰ্বাচনৰ পাছতে। উল্লেখ্য যে, বুধবাৰে বঙাইগাঁৱত মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ হৈ প্ৰচাৰ সভাত অংশ লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Also Read: বুলড'জাৰ চলোৱা প্ৰতিটো পৰিয়ালক ২৫লাখকৈ ক্ষতিপূৰণ দিবলৈ উত্তৰ প্ৰদেশ চৰকাৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ...

ৰকিবুল হুছেইন