পুৰণিক আদৰ! দুকুৰিৰো অধিক কাল দলক দিয়া নেতাক বিজেপিৰ টিকট...

পুৰণিক আদৰ! দুকুৰিৰো অধিক কাল দলক দিয়া নেতাক বিজেপিৰ টিকট...
Published on
Updated on

ডিজিটেল ডেস্কঃ অৱশেষত দিল্লীৰ পৰা আহিল চূড়ান্ত সিদ্ধান্ত। সৰ্বানন্দ সোণোৱাল আৰু কামাখ্যা প্ৰসাদ তাছা লোকসভালৈ নিৰ্বাচিত হোৱাৰ পাছত খালী হৈ আছিল অসমৰ ৰাজ্যসভাৰ দুই আসন। এই দুই আসনৰ বাবে শেহতীয়াকৈ বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থিত্বৰ নাম। বহুকেইজন এই প্ৰাৰ্থিত্বৰ দৌৰত আছিল যদিও অৱশেষত মিছন ৰঞ্জন দাস আৰু ৰামেশ্বৰ তেলীৰ ওপৰতে ভৰষা ৰাখিলে কেন্দ্ৰীয় নেতৃত্বই।

অসমৰ ৰাজনীতিত ৰামেশ্বৰ তেলীৰ নাম চৰ্চাত থাকে যদিও সততে চৰ্চাৰ পৰা আতৰি থাকে মিছনৰঞ্জন দাস। মিছনৰঞ্জন দাস হৈছে বিজেপিৰ এগৰাকী পুৰণি কাৰ্যকতা। ১৯৮২চনতে বিজেপিত যোগদান কৰা মিছনৰঞ্জন দাস চাৰিবাৰকৈ অসম বিধানসভালৈ নিৰ্বাচিত হৈছে। কম বয়সতে বিজেপিৰ বিধায়িনী দলৰ নেতাৰ দায়িত্বও পালন কৰিছিল দাসে। ৰাজনীতিৰ পূৰ্বে এগৰাকী বিজ্ঞানৰ শিক্ষক আছিল মিছনৰঞ্জন দাস। ৰাজনীতিৰ পূৰ্বে কৰিমগঞ্জ হাইস্কুলত শিক্ষকতা কৰিছিল দাসে।

ভাৰতীয় জনতা পাৰ্টিৰ হৈ উত্তৰ কৰিমগঞ্জ সমষ্টিৰ পৰা চাৰিবাৰকৈ বিধায়ক হৈছিল মিছনৰঞ্জন দাস। ১৯৯১, ২০০০, ২০০১ আৰু ২০০৬চনত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল তেওঁ। বৰ্তমান তেওঁ অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উল্লেখ কৰা প্ৰয়োজন যে, পূৰ্বতে কেইবাবাৰো ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছিল মিছনৰঞ্জন দাসে। ২০১১ আৰু ২০১৬ৰ নিৰ্বাচনত তেতিয়াৰ কংগ্ৰেছ প্ৰাৰ্থী কমলাক্ষ দে পুৰকায়স্থৰ বিৰুদ্ধে অতি কম ভোটত পৰাজিত হৈছিল বিজেপিৰ এই প্ৰবীণ নেতাগৰাকী।

ইফালে বিজেপিৰ আন এগৰাকী প্ৰবীণ নেতা ৰামেশ্বৰ তেলীকো এইবেলি ৰাজ্যসভাৰ টিকট প্ৰদান কৰিছে বিজেপিয়ে। ৰামেশ্বৰ তেলী ২০০১ চনত অনুষ্ঠিত অসম বিধানসভা নিৰ্বাচনত দুলীয়াজান সমষ্টিৰ পৰা প্ৰথম জয়ী হয়। ইয়াৰ পিছতে ২০০৬চনত পুনৰ একেই বিধানসভা সমষ্টিৰ পৰা জয়লাভ কৰে তেলীয়ে। কিন্তু ২০১১ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ তেওঁৰ প্ৰতিদ্বন্দ্বী অমিয়া গগৈৰ হাতত প্ৰায় ৩০০০ ভোটত পৰাস্ত হয়।

বিধানসভা নিৰ্বাচনত পৰাস্ত হোৱাৰ পাছতে এইবাৰ লোকসভা নিৰ্বাচনত ভৰি থয় ৰামেশ্বৰ তেলীয়ে। ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। তেওঁ প্ৰাক্তন সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰক পৰাস্ত কৰি লোকসভালৈ নিৰ্বাচিত হয়। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত তেওঁ দ্বিতীয়বাৰৰ বাবে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা ১৭তম লোকভালৈ নিৰ্বাচিত হয় আৰু মোদী কেবিনেটত খাদ্য সংসাধন উদ্যোগৰ ৰাজ্যিক মন্ত্ৰীৰ পদবী লাভ কৰে।

ইয়াৰ পাছতে ২০২৪ৰ লোকসভা নিৰ্বাচনত ৰামেশ্বৰ তেলীক লোকসভাৰ টিকট দিয়া নহয়। ইয়াৰ পৰিৱৰ্তে সৰ্বানন্দ সোণোৱালক টিকট প্ৰদান কৰে বিজেপিৰ নেতৃত্বই। প্ৰথম পৰ্যায়ত কিছু অসন্তুষ্টি প্ৰদৰ্শন কৰিছিল যদিও সোণোৱালে দিয়া প্ৰতিশ্ৰুতি অনুসৰি পিছতলৈ সৰ্বতোপ্ৰকাৰে বিজেপি জয়ৰ বাবে কাম কৰিছিল তেলীয়ে। ৰামেশ্বৰ তেলীৰ ৰাজ্যসভাৰ টিকটক লৈ বিজেপি নেতৃত্ব কিছু দোমাজাত আছিল। কিন্তু সোণোৱালে ৰামেশ্বৰ তেলীক দিয়া পূৰ্ব প্ৰতিশ্ৰুতি ৰক্ষা কৰি অৱশেষত তেলীকে ৰাজ্যসভাৰ টিকটৰ বাবে চূড়ান্ত কৰা হয়।

উল্লেখ কৰা প্ৰয়োজন যে, বিজেপিয়ে মঙলবাৰে অসমৰ দুই আসনৰ লগতে বিহাৰ, হাৰিয়ানা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা, ৰাজস্থান আৰু ত্ৰিপুৰাৰ খালী হৈ থকা মুঠ ৯খন আসনৰ বাবে প্ৰাৰ্থিত্ব ঘোষণা কৰে।

পুৰণিক আদৰ! দুকুৰিৰো অধিক কাল দলক দিয়া নেতাক বিজেপিৰ টিকট...
ৰাজ্যসভা নিৰ্বাচনঃ অসমৰ দুই আসনৰ বাবে মিছনৰঞ্জণ দাস আৰু ৰামেশ্বৰ তেলীক দিলে প্ৰাৰ্থিত্ব...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in