ডিজিটেল সংবাদ,ৰঙাপৰাঃ এফালে ৰাজ্যৰ চৌপাশে শাৰদীয় দুৰ্গোৎসৱক লৈ উখল-মাখল পৰিবেশে আনফালে নিজ প্ৰাপ্য বিচাৰি ধৰ্মঘট কৰিবলগীয়া হৈছে পৌৰ সভাৰ কৰ্মচাৰী সকলে।
সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ৰঙাপৰা পৌৰসভা শাখাৰ অন্তৰ্গত পৌৰ কৰ্মচাৰী সকলেও অনাদায় হৈ থকা দৰমহা মুকলাই দিয়া,কৰ্মচাৰী সকলৰ চাকৰি চৰকাৰী কৰণ কৰাৰ লগতে কেইবাটাও দাবী পুৰণৰ দাবীত দুদিনীয়া সৰ্বাত্মক ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰে।
Also Read: অচিৰেই চাকৰি হেৰুৱাব ৰাজ্যৰ ১৭ জন আৰক্ষী পৰিদৰ্শকে!