ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াত জল জীৱন মিছনক লৈ কেৱল লুণ্ঠন চলোৱাৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে। উল্লেখ্য যে জল জীৱনৰ নামত ৰঙিয়াত ২০০ কোটিৰো অধিক ধন ব্যয় কৰে ৰঙিয়াৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে । কিন্তু ২০০ কোটিৰো অধিক ধন ব্যয়ৰ বিপৰীতে ৰাইজে পোৱা নাই এটুপিও বিশুদ্ধ খোৱা পানী।
শুনিলে আচৰিত হবলগীয়া কথাটো হ'ল অনলাইনত ভুৱাকৈ পানী পোৱাৰ তথ্য দি বিল মোকলাই দিছে বিভাগটোৱে। এই অভিযোগ আনিছে ৰঙিয়াৰ যুৱ কংগ্ৰেছে। ইফালে ৰঙিয়াৰ কেইবাটাও গাওঁ পঞ্চায়ত আদিত জল জীৱনৰ নামত পানীৰ পাইপ পুতি থোৱা হয় কিন্তু বছৰ বছৰ ধৰি পানী পোৱাৰ পৰা বঞ্চিত হবলগাত পৰিছে বুলি স্থানীয় ৰাইজে ক্ষোভ উজাৰে।
কেৱল ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে মোটা অংকৰ ধনৰ বাবে খৰধৰ কৈ পানীৰ পাইপ বহুৱাই গাঁৱ অঞ্চলত ফটো মাৰি অনলাইন মাধ্যমত বিল পাছ কৰে বুলি অভিযোগ উঠিছে। উল্লেখিত কেইবাখনো গাঁও মধুকুছি,তিতকুৰি,মূৰাৰা,মিলনপুৰ,কানাকুছি,গড়ভিতৰ,কেকেনীকুছি,তৰণী,চেপ্তি,নকুল গড়কা আদি বহু অঞ্চলত বছৰ বছৰ ধৰি জলজীৱনৰ পানী নোপোৱাত অৱশেষত ৰাইজ অসন্তুষ্ট হৈ পৰে।
আশা আৰু প্ৰতিশ্ৰুতিৰ শ্লোগান দিয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে ধিক্কাৰ দি অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত ৰাইজে জংগী আন্দোলন গঢ়ি তুলিব বুলিও তীব্ৰ হুংকাৰ দিয়ে।