ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াত নিজ বিদ্যালয়ৰ ছাত্ৰীৰ ওপৰত নিৰ্যাতন চলোৱা জিন্নাতুল ইছলামক বৰ্তমান ৰঙিয়া আৰক্ষীয়ে আটক কৰে। উল্লেখ্য যে প্ৰধান শিক্ষক জিন্নাতুল ইছলামৰ যৌন নিৰ্যাতনৰ এই বাতৰি সবিস্তাৰে অসমীয়া প্ৰতিদিনত প্ৰকাশ পাইছিল আৰু তাৰ পিছত ৰঙিয়াৰ লগতে কেইবাটাও দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাত আত্মগোপন কৰি পলাই থকা প্ৰধান শিক্ষক গৰাকীয়ে সোমবাৰে থানাত আহি আত্মসমৰ্পণ কৰে।
এই খৱৰ পোৱাৰ পাছতে ৰাষ্ট্ৰীয় বজৰংগ দলে আজি অলপ আগতে ফটকা ফুটাই ৰঙিয়া বন্ধ প্ৰত্যাহাৰ কৰে। ঘটনাৰ বিৱৰণী অনুসৰি ৰঙিয়াত বিদ্যালয়ৰ শ্ৰেণীকোঠাত ছাত্ৰীৰ বস্ত্ৰ খুলিবলৈ দি বিতৰ্কৰ আৱৰ্তত পৰিল এগৰাকী প্ৰধান শিক্ষক। কামৰূপৰ ২০৩ নং লাছি বিষ্ণুপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে ১২ আগষ্টৰ পৰা পলাই আছিল ।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে পূৰ্বেও এইগৰাকী প্ৰধান শিক্ষকে ছাত্ৰীক বিদ্যালয়ত অশ্লীল ইংগিত দি আহিছিল। ঠিক তেনেদৰে কালিও এগৰাকী প্ৰাথমিক শিক্ষাত অধ্যয়নত ছাত্ৰীক বিদ্যালয়ত পৰিধান কৰা কাপোৰ খুলিবলৈ চেষ্টা চলাইছিল। ঠিক তেনেতে ছাত্ৰী গৰাকীয়ে অধ্যয়ন কৰা বিদ্যালয়ত অভিভাৱকসহ,দলে সংগঠন পুৱাই উপস্থিত হয় ।
সকলোৱে প্ৰধান শিক্ষক গৰাকীক গ্ৰেপ্তাৰৰ দাবীত অভিভাৱক, স্থানীয় লোক সকলৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পাঠদান সামৰি হাতে হাতে বেনাৰ, ছাইনবোৰ্ড,ফেষ্টুন লৈ নাৰী নিৰ্যাতন বন্ধ কৰক, বিদ্যালয়ত ছাত্ৰীক সুৰক্ষা প্ৰদান কৰক আদি শ্লোগানেৰে উত্তালেৰে পিছত মহকুমাধিপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী তুলিছিল।
Also Read: চীনৰ পুষ্পক বিমানঃ মাত্ৰ ২ ঘন্টাত পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ...