ৰজা মায়ঙত ৰাস মহোৎসৱ উপলক্ষে কেলিগোপাল নাট মঞ্চস্থ

ৰাস মহোৎসৱ উদযাপনক লৈ গাঁও খনৰ সকলো পুৰুষ মহিলাৰ মাজত উখল-মাখল পৰিৱেশ। প্ৰতিবছৰে অতি উলহ- মালহেৰে ৰজা মায়ঙৰ ৰাস মহোৎসৱ পৰিচালনা সমিতিয়ে ৰাস উদযাপন কৰি আহিছে।

author-image
Asomiya Pratidin
New Update
মায়ং

ডিজিটেল সংবাদ, মায়ংঃ  ঐতিহাসিক ৰজা মায়ঙতো আৰম্ভ হৈছে ৰাস মহোৎসৱ। ৰাস মহোৎসৱ উদযাপনক লৈ গাঁও খনৰ সকলো পুৰুষ মহিলাৰ মাজত উখল-মাখল পৰিৱেশ। প্ৰতিবছৰে অতি উলহ- মালহেৰে ৰজা মায়ঙৰ ৰাস মহোৎসৱ পৰিচালনা সমিতিয়ে ৰাস উদযাপন কৰি আহিছে।

শুকুৰবাৰে নিশা সহস্ৰাধিক লোকে কেলি গোপাল নাট উপভোগ কৰে। গাঁৱৰ যুৱতী সকলে অভিনয় কৰা নাট খনিত ৫০০ৰো অধিক জীয়ৰীয়ে গোপীৰ চৰিত্ৰত অভিনয় কৰি উপস্থিত ৰাইজক আনন্দ দিয়ে। ৰাস মহোৎসৱ উপলক্ষ্যে মঞ্চস্থ কৰা কেলিগোপাল নাটখনিৰ শুভ উদ্বোধন কৰে পবিতৰাৰ প্ৰাক্তন বনাঞ্চলিক বিষয়া মুকুল তামুলীয়ে। লগতে অনুষ্ঠানত আন কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকে।

ৰাস মহোৎসৱ