ঘৰুৱা ক্ৰিকেটতো ৰবীন্দ্ৰ জাডেজাৰ দপদপনি

আন্তৰ্জাতিক ক্ৰিকেটৰ দৰে ঘৰুৱা ক্ৰিকেটতো দপদপনি অক্ষুন্ন ৰাখিছে ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ সদস্য ৰবীন্দ্ৰ জাডেজাই...

author-image
Asomiya Pratidin
New Update
ঘৰুৱা ক্ৰিকেটতো ৰবীন্দ্ৰ জাডেজাৰ দপদপনি

ঘৰুৱা ক্ৰিকেটতো ৰবীন্দ্ৰ জাডেজাৰ দপদপনি

ডিজিটেল ডেস্ক : আন্তৰ্জাতিক ক্ৰিকেটৰ দৰে ঘৰুৱা ক্ৰিকেটতো দপদপনি অক্ষুন্ন ৰাখিছে ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ সদস্য ৰবীন্দ্ৰ জাডেজাই। জাডেজাৰ সাফল্যৰ বাবে ৰঞ্জী ট্ৰফীৰ এখন গুৰুত্বপূৰ্ণ মেচত জয়লাভ কৰিছে সৌৰাষ্ট্ৰই।

দিল্লীৰ বিৰুদ্ধে হোৱা মেচখনত মাত্ৰ দুটা দিনতে সৌৰাষ্ট্ৰক জয়ী কৰোৱাত মূল ভূমিকা পালন কৰে ৰবীন্দ্ৰ জাডেজাই। প্ৰতিপক্ষ দিল্লীৰ বিৰুদ্ধে দুয়োটা ইনিংছত তেওঁ দখল কৰিছে মুঠ ১২টা উইকেট। প্ৰথম ইনিংছত ৫টাৰ বিপৰীতে দ্বিতীয় ইনিংছত দখল কৰে ৭টা উইকেট।

জাডেজাৰ এই বলিং আক্ৰমণত তিষ্ঠিব নোৱাৰি দিল্লীয়ে পৰাজয়বৰণ কৰে। উল্লেখযোগ্য যে জাডেজাৰ বিধ্বংসী বলিং আক্ৰমণৰ চিকাৰ হয় দিল্লীৰ উইকেট ৰক্ষক বেটাৰ তথা জাতীয় দলৰ সতীৰ্থ ঋষভ পণ্ট।

BCCI Domestic RAVINDRA JADEJA