ডিজিটেল ডেস্ক : চামগুৰিৰ মৰিপুঠীখাইতীত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। শনিবাৰে বিজেপিৰ পদযাত্রাৰ সময়ত কোনো অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰে। এই পদযাত্রাৰ সময়ত উপস্থিত আছিল বিধায়ক জিতু গোস্বামী, সুৰেশ বৰাৰ লগতে বিজেপিৰ কেইবাগৰাকী কৰ্মকৰ্তা ।
ইয়াৰ উপৰি বিধায়ক জিতু গোস্বামীৰ বহনলৈও দুৰ্বৃত্তই গুলীচালনা কৰে। অৱশ্যে সেই সময়ত বিধায়কগৰাকী বাহনখনত উপস্থিত নাছিল, উক্ত সময়ত তেঁও আন আন সতীৰ্থ- কৰ্মী সৈতে পদযাত্ৰাত ব্যস্ত আছিল। এতিয়া প্ৰশ্ন হৈছে কোন দিশৰ পৰা, কোনে গুলী নিক্ষেপ কৰিলে; ইয়াকৈ লৈ এতিয়া বহুতে প্ৰশ্ন কৰিছে।
উল্লেখযোগ্য যে মাগুৰিমাৰীৰ পৰা লাটনিলৈ গৈ আছিল বিজেপিৰ ৰেলী। কিন্তু মৰিপুঠীখাইতী পোৱাৰ পিছতেই হঠাৎ দুৰ্বৃত্তই গুলীচালনা কৰে। ফলত কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে।
ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ উপস্থিত হৈছে। আৰু এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। সম্প্ৰতি এই ঘটনাকলৈ অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে।
Also Read: কানাডা চৰকাৰে বন্ধ কৰিলে ষ্টুডেণ্ট ভিছা : সমস্যাত পৰিব পাৰে ভাৰতৰ লগতে ১৪খন দেশৰ শিক্ষাৰ্থী !