ধৰ্মপ্ৰাণা মহিলা সাৱিত্ৰী শইকীয়াৰ পৰলোকপ্ৰাপ্তি

ধৰ্মপ্ৰাণা মহিলা সাৱিত্ৰী শইকীয়াৰ  পৰলোকপ্ৰাপ্তি
Published on
Updated on

ডিজিটেল সংবাদ, নগাঁও: নগাঁও চহৰৰ টাউন মৰিকলং নিবাসী প্ৰয়াত জগত চন্দ্ৰ শইকীয়াৰ পত্নী তথা ধৰ্মপ্ৰাণা মহিলা,আইনাম দিহানাম,শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস,ভাওনাৰ প্ৰতি অনুৰাগী সাৱিত্ৰী শইকীয়াৰ (৭০) দেওবাৰে আকস্মিকভাৱে পৰলোকপ্ৰাপ্তি হয় ৷ উল্লেখ যে দুবছৰ পূৰ্বে গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰয়াত সাৱিত্ৰী শইকীয়াৰ দেহত কৃত্ৰিম হৃদযন্ত্ৰ সংৰোপণ কৰা হৈছিল৷ তেতিয়াৰে পৰা সুস্থ অৱস্থাত কথা বতৰা আৰু চলাফুৰা কৰি থকা শইকীয়া হঠাৎ উশাহ নিশাহ লোৱা কষ্ট অনুভৱ কৰিছিল। ইয়াৰ কিছুসময়ৰ পিছতেই সন্ধিয়া প্ৰায় ৬:৩০ বজাত আকস্মিকভাৱে মৃত্যুক আকোঁৱালি লয় সৰবৰহী মহিলা গৰাকীয়ে ৷

এগৰাকী অতিকৈ ধৰ্মপ্ৰাণা, সমাজপ্ৰিয়,হাঁহিমুখীয়া,স্পৃষ্টবাদি মহিলা সাৱিত্ৰী শইকীয়াই মৃত্যুৰ সময়ত তিনিজন পুত্ৰ,তিনি গৰাকী বোবাৰী,এগৰাকী বিবাহিত কন্যা,এজন জোবাই,৬ টি নাতি-নাতিনী সহ অনেক গুনমুগ্ধক ইহঁ সংসাৰত এৰি থৈ গৈছে ৷ তেওঁৰ মৃত্যুত অঞ্চলজুৰি শোকৰ চাঁ পৰিছে ৷

ধৰ্মপ্ৰাণা মহিলা সাৱিত্ৰী শইকীয়াৰ  পৰলোকপ্ৰাপ্তি
অসম জনজাতি সাংস্কৃতিক মহাসভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি গঠন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in