প্ৰখ্য়াত সমাজ বিজ্ঞানী, বাওঁপন্থী চিন্তাবিদ, স্বাধীনতা সংগ্ৰামী অৱনী বৰঠাকুৰ আৰু নাই...

প্ৰখ্য়াত সমাজ বিজ্ঞানী, বাওঁপন্থী চিন্তাবিদ, স্বাধীনতা সংগ্ৰামী অৱনী বৰঠাকুৰ আৰু নাই...
Published on
Updated on

ডিজিটেল ডেস্কঃ বিশিষ্ট সমাজ বিজ্ঞানী, বাওঁপন্থী চিন্তাবিদ তথা শিক্ষাবিদ, স্বাধীনতা সংগ্ৰামী অৱনী বৰঠাকুৰ আৰু নাই। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মঙলবাৰে তেওঁ গুৱাহাটীৰ গীতানগৰস্থিত কে জি এম টি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

বৰ্ষীয়ান চিন্তাবিদগৰাকীৰ নশ্বৰ দেহ বুধবাৰে তেওঁৰ জন্মভূমি নাজিৰাৰ বাসগৃহলৈ লৈ যোৱা হ'ব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, অন্যায়, অবিচাৰৰ বিৰুদ্ধে সততে সৰৱ বৰঠাকুৰে আজিৰ পৰা কিছু দিনৰ আগলৈকে গুৱাহাটিৰ বিভিন্ন সভা, সমতি, সমদল আদিত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছিল।

চৰকাৰৰ জন বিৰোধী নীতি, জাতি বিৰোধী স্থিতি, শাসকৰ শোষণৰ বিৰুদ্ধে বাৰে বাৰে ৰাজপথত নামি প্ৰতিবাগী মিচিলক সন্মুখৰ পৰা নেতৃত্ব দিয়া বৰঠাকুৰ আজি কিছু মাহৰ পৰা অসুস্থ হৈ আছিল। সমাজ সংস্কাৰৰ এটা মন লৈ সুদীৰ্ঘ সময় ধৰি জনতাৰ হকে মাতি মাতি অহা বৰঠাকুৰে বয়সৰ ওচৰত মানসিকভাৱে হাৰ মানিব নিবিচাৰিলেও তেওঁৰ শৰীৰে বয়সৰ ওচৰত কিন্তু হাৰ মানিবলৈ বাধ্য হৈছিল।

বাৰ্ধক্যজনিত কাৰণতে এটাৰ পিছত এটাকৈ কেইবাটাও ৰোগত আক্ৰন্ত হৈ পৰিছিল তেওঁ। ইয়াৰ মাজতে যোৱা ফেব্ৰুৱাৰী তেওঁক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী খ্ৰীষ্টানবস্তিস্থিত এপ'ল' হাস্পতালত। পৰৱৰ্তী সময়ত তেওঁ কিছু সুস্থ হৈ ঘৰলৈ ঘূৰি আহিছিল যদিও অসুস্থতাই তেওঁক লগ এৰা নাছিল।

সৰ্বহাৰাৰ মুক্তিৰ বাবে অহৰহ মাত মাতি অহা, সমাজৰ শোষক শ্ৰেণীৰ সৈতে অৱস্থান কৰা নাজিৰা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বৰঠাকুৰে এসময়ত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ অসম শাখাৰ সম্পাদকৰো দায়িত্ব পালন কৰিছিল। ৯০ বছৰ অতিক্ৰম কৰাৰ পাছতো তেওঁ জনতাৰ হকে ৰাজপথত থিয় দিছিল। গৰজি উঠিবলৈ সাহস কৰিছিল চৰকাৰী যন্ত্ৰৰ বিৰুদ্ধে।

১৯২৯ চনত জন্মগ্ৰহণ কৰা অৱনী বৰঠাকুৰ কটন কলেজত অধ্যয়ন কৰি থকাৰ সময়তে দেশৰ স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল। ছাত্ৰ অৱস্থাতে তেওঁ সতীৰ্থ ড০ দেৱপ্ৰসাদ বৰুৱা, দুলাল খাউণ্ড, জয়ন্ত মাধৱ আদিৰ সৈতে গ্ৰহণ কৰিছিল কমিউনিষ্ট পাৰ্টিৰ সদস্য পদ।

অনবৰতে সমাজমুখী চিন্তা আৰু সমাজ সংস্কাৰৰ স্বপ্নৰ পিছে পিছে দৌৰা বৰঠাকুৰে ১৯৪৫ চনতে শিৱসাগৰ জিলাৰ ছাত্ৰ ফেডাৰেচনৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিল।১৯৫০ চনৰে পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সৰ্বক্ষণৰ কৰ্মী হৈ তেওঁ ১৯৭০ চনৰ পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সহকাৰী সম্পাদক, দলৰ সম্পাদক মণ্ডলীৰ সদস্যও হৈছিল। ১৯৪৮ ৰ পৰা ১৯৫৮ চনলৈ তেওঁ আছিল অসম ছাত্ৰ ফেডাৰেচনৰ সাধাৰণ সম্পাদকৰ দায়িত্বত।

ৰাজনৈতিক, সামাজিকভাৱে এনেদৰে সক্ৰিয় হৈ থকাৰ মাজতেই তেওঁ ১৯৫৫ চনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত ১৯৬৩ চনত গ্ৰহণ কৰে বুৰঞ্জীত স্নাতকোত্তৰ ডিগ্ৰী। অবিভক্ত শিৱসাগৰৰ অন্যতম উচ্চশিক্ষাৰ প্ৰতিষ্ঠান নাজিৰা কলেজৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো বিশেষভূমিকা গ্ৰহণ কৰা বৰঠাকুৰে পৰৱৰ্তী সময়ত ১৯৮২ চনত মহাবিদ্যালয়খনৰ অধ্যক্ষৰো দায়িত্ব গ্ৰহণ কৰে।

এইগৰাকী বিশিষ্ট সমাজ বিজ্ঞানীয়ে তেওঁৰ কেইবাখনো গ্ৰন্থৰ ৰচনা কৰি সমাজ জীৱনলৈ চিন্তাৰ বীজ ৰোপণ কৰি থৈ গৈছে। 'নব্য উদাৰতাবাদ আৰু অনন্য প্ৰবন্ধ', 'অভিজ্ঞতাৰ আলোকত এজন কমিউনিষ্ট কৰ্মীৰ স্মৃতিকথা' আদিত তেওঁৰ চিন্তা আৰু সমজ, ৰাজনীতিৰ প্ৰতি থকা দৃষ্টিভংগীৰ বৰ্হিপ্ৰকাশ ঘটিছে।

৯৫ বছৰ বয়সত ২৩ জুলাই, ২০২৪, মঙ্গলবাৰে অক্লান্ত এই সমাজ বিজ্ঞানী, চিন্তাবিদ, শিক্ষাবিদ তথা স্বাধীনতা সংগ্ৰামীগৰাকীয়ে ইহ সংসাৰ ত্যাগ কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ অনুগামীসকল শোকাহত হৈ পৰিছে। সামাজিক মাধ্যমতো ভিন্নজনে তেওঁৰ আত্মাৰ সদগতি কামনা কৰি শোকপ্ৰকাশ কৰিছে।

প্ৰখ্য়াত সমাজ বিজ্ঞানী, বাওঁপন্থী চিন্তাবিদ, স্বাধীনতা সংগ্ৰামী অৱনী বৰঠাকুৰ আৰু নাই...
কাছমাৰী জলময় গাঁৱত দিন দুপৰতে ডকাইতিৰ ঘটনা : চাৰি লক্ষাধিক টকা লুট...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in