মহানগৰৰ পিয়াজ্জা ৰেষ্টুৰেন্টৰ শ্ৰেষ্ঠ ষ্টেণ্ডএলন ৰেষ্টুৰেন্ট অৱ ২০২২-ইষ্ট সন্মান লাভ...

ইটি হস্পিটেলিটি ৱৰ্ল্ড ৰেষ্টুৰেন্টছ এণ্ড নাইটলাইফ এৱাৰ্ডছ
award
award
Published on
Updated on

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ মাল্টি কুইজিন ৰেষ্টুৰেন্ট বাৰ পিয়াজ্জাই গুৰুগ্ৰামৰ দ্য লীলা এম্বিয়েন্সত অনুষ্ঠিত প্ৰথম ইটি হস্পিটেলিটি ৱৰ্ল্ড ৰেষ্টুৰেন্টছ এণ্ড নাইটলাইফ এৱাৰ্ডছ অনুষ্ঠানত শ্ৰেষ্ঠ ষ্টেণ্ডএলন ৰেষ্টুৰেন্ট অৱ দ্য ইয়েৰ, ২০২২-ইষ্ট বঁটা লাভ কৰে।

উল্লেখ্য যে ইটি হস্পিটেলিটি ৱৰ্ল্ড ৰেষ্টুৰেন্টছ এণ্ড নাইটলাইফ এৱাৰ্ডছে সমগ্ৰ দেশৰ শ্ৰেষ্ঠ ৰেষ্টুৰেন্ট আৰু বাৰসমূহক স্বীকৃতি জনাইছে। এক কঠিন প্ৰস্থান প্ৰক্ৰিয়াৰ পিছত শক্তিশালী জুৰীয়ে এইসমূহক বাছনি কৰিছে।

বাছনি প্ৰক্ৰিয়াত চেলিব্ৰিটী চেফ আৰু ৰেষ্টুৰেন্টৰ গৰাকী ৰণবীৰ ব্ৰাৰ, চেলিব্ৰিটী চেফ কুনাল কাপুৰ, এজিউৰ হস্পিটেলিটিৰ সহ-প্ৰতিষ্ঠাপক আৰু সঞ্চালক কবীৰ চুৰী, ইম্প্ৰেচেৰিঅ' এন্টাৰটেইনমেন্ট এণ্ড হস্পিটেলিটি প্ৰাইভেট লিমিটেডৰ ৰিয়াজ অম্লানী, স্পেচিয়েলিটি ৰেষ্টুৰেন্টছ লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক অঞ্জন চেটাৰ্জী আৰু অন্যান্য সকল উপস্থিত আছিল।

ইটি হস্পিটেলিটি সন্মিলনৰ প্ৰথম সংস্কৰণত আই আৰ চি টি চিৰ চি এম ডি শ্ৰীমতী ৰজনী হাচিজাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই সন্মিলনত মনোগ্ৰাহী পেনেল আলোচনা অনুষ্ঠিত হয় আৰু এফ এণ্ড বি আৰু আতিথ্য উদ্যোগৰ শেহতীয়া ট্ৰেণ্ড, উদ্ভাৱন আৰু প্ৰযুক্তি সন্দৰ্ভত আকৰ্ষণীয় ইণ্ডাষ্ট্ৰী প্ৰেজেনটেশ্যন অনুষ্ঠিত হয়।

পিয়াজ্জাৰ প্ৰতিষ্ঠাপক আৰু স্বত্বাধিকাৰ শ্ৰী বিনয় চামাৰিয়াই বঁটাটি অসমৰ জনসাধাৰণলৈ উৎসৰ্গা কৰি কয়, আমি এই সন্মিলনত অংশগ্ৰহণেৰে দেশখনৰ সকলো মেট্ৰ'ৰ শ্ৰেষ্ঠসকলৰ সৈতে প্ৰতিযোগিতা কৰোতে জয়ী হ'ম বুলি ভবা নাছিলো। আমাৰ এই স্বীকৃতি অবিশ্বাস্য আছিল।

লগতে কয়, আমাৰ বাবে এয়া বিশেষ কিয়নো ই আমাৰ বিনম্ৰতা আৰু গ্ৰাহক সেৱাৰ প্ৰতি বিশ্বাসকে সুদৃঢ় কৰিছে। নেদেখাজনৰ কৃপাত ২০২৩ ৰ মাজভাগলৈ আমি গোৱাত দ্বিতীয়খন আউটলেট মুকলি কৰিম।

২০১৮ ত শুভাৰম্ভণিৰেপৰা পিয়াজ্জাই ৭ টা ৰাষ্ট্ৰীয় আৰু আঞ্চলিক বঁটা লাভ কৰিছে। লগতে ইণ্ডিয়ান ৰেষ্টুৰেন্ট কংগ্ৰেছ এণ্ড এৱাৰ্ডছ, ২০২১ত বৰ্ষশ্ৰেষ্ঠ ষ্টেণ্ডএলন ৰেষ্টুৰেন্ট বঁটা লাভ কৰিছে।

তদুপৰি গুৱাহাটী ফুড এৱাৰ্ডছত ২০২০ বৰ্ষৰ ৰেষ্টুৰেন্ট অৱ দ্য ইয়েৰ বঁটা লাভ কৰে। ২০১৯ ত ৰেষ্টুৰেন্টখনে ফ্ৰেন্সাইজি ইণ্ডিয়াৰ ইটালিয়ান ৰেষ্টুৰেন্ট অৱ দ্য ইয়েৰ বঁটাও লাভ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in