সহোদৰৰ উদ্যোগত অনুষ্ঠিত ৰচনা প্ৰতিযোগিতাৰ ফলাফল...

author-image
Asomiya Pratidin
New Update
সহোদৰৰ উদ্যোগত অনুষ্ঠিত ৰচনা প্ৰতিযোগিতাৰ ফলাফল...

sahudar 24

ডিজিটেল সংবাদ বটদ্ৰৱা: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আবিৰ্ভাৱ উৎসৱৰ লগত সংগতি ৰাখি সামাজিক-সাংস্কৃতিক সংগঠন "সহোদৰ"ৰ উদ্যোগত নগাঁও, হোজাই, মৰিগাঁও, শোণিতপুৰ, গোলাঘাট আৰু কামৰূপ এইকেইখন জিলাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখনি ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। যোৱা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাৰ আজি ফলাফল ঘোষণা কৰা হয়়।

আজি ঘোষণা কৰা ৰচনা প্ৰতিযোগিতাৰ 'ক' শাখাত কলংপাৰ কণিষ্ঠ মহাবিদ্যালয়ৰ নগাঁৱৰ দেবাঙ্গ মহন্তই প্ৰথম স্থান, দৰং মহাবিদ্যালয়ৰ নীলাশ্ৰী হাজৰিকাই দ্বিতীয় স্থান, নগাঁৱৰ ৰেনেচা কণিষ্ঠ মহাবিদ্যালয়ৰ তুষ্টি বৰাই তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে 'খ' শাখাত ৰাইদঙীয়াৰ শংকৰ মাধৱ বিদ্যাপিঠৰ টুনাশ্ৰী বৰাই প্ৰথম স্থান, বটদ্ৰৱাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ কস্তুৰী শৰ্মাই দ্বিতীয় স্থান আৰু ৰাইদঙীয়াৰ উদয়চন্দ্ৰ শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভাগ্যশ্রী বৰাই তৃতীয় স্থান লাভ কৰে।

অহা ৩০ অক্টোবৰত ৰাইদঙীয়া সৌৰভ শাখা সাহিত্য সভা ভৱনত প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক নগদ ধন, কিতাপৰ টোপোলা, ট্ৰফি, কলম আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হ'ব বুলি সহোদৰৰ সভাপতি প্ৰভাত চন্দ্ৰ দাসে জানিবলৈ দিয়ে।

assam nagaoan