জিনিলে ২টা স্বৰ্ণ, দুটা ৰূপৰ পদকঃ ৰাষ্ট্ৰীয় পৰ্যায়ত গুৱাহাটীৰ ৯বছৰীয়া ৰিয়াংশৰ সাফল্য...

জিনিলে ২টা স্বৰ্ণ, দুটা ৰূপৰ পদকঃ ৰাষ্ট্ৰীয় পৰ্যায়ত গুৱাহাটীৰ ৯বছৰীয়া ৰিয়াংশৰ সাফল্য...
Published on
Updated on

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় পৰ্যায়ত সাফল্য অৰ্জন গুৱাহাটীৰ ৯বছৰীয়া ৰিয়াংশ সোমানীৰ। ভাৰতীয় অশ্বাৰোহী ফেডাৰেশ্যনে জয়পুৰত আয়োজন কৰা সপ্ত শক্তি হৰ্ছ শ্ব' প্ৰতিযোগিতাত ২টা স্বৰ্ণ আৰু দুটা ৰূপৰ পদক অৰ্জন কৰে ৰিয়াংশে।

প্ৰেম প্ৰকাশ গৌতমৰ তত্বাৱধানত অশ্বৰোহীৰ প্ৰশিক্ষণ লোৱা ৰিয়াংশে ইয়াৰ আগতে ২০২২ আৰু ২০২৩ চনত তেওঁৰ নাম এছিয়া বুক অফ ৰেকৰ্ডছ, ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ আৰু গোল্ডেন বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ ফৰ ৰুবিক কিউব আৰু ফ্লেগ চিনাক্তকৰণত পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছিল।

শেহতীয়াকৈ জয়পুৰত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত  সেনা,  বিএছএফ,  চিআৰপিএফ, নৰ্দাৰ্ণকমাণ্ড, সাগৰ অশ্বাৰোহী বিদ্যালয়, ৰাজস্থান আৰক্ষী বাহিনী, যোধপুৰ অশ্বাৰোহী একাডেমী, ৰয়েল গ্লোবেল স্কুল জয়পুৰ, অসম ৰাইফলছ আৰু আন বহুতো ব্যক্তিগত ৰাইডিং ক্লাবৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। উল্লেখ কৰা প্ৰয়োজন যে, ৰিয়াংশ গুৱাহাটী গুৰুকুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ। তেওঁ নৰেশ চান্দ- বন্দনা সোমানিৰ নাতি আৰু বৰুণ-সীমা সোমানিৰ পুত্ৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in