চামগুৰিৰ ১১টা ভোটগ্ৰহণ কেন্দ্ৰত ৰিগিং, বিহালীত ভোটাৰক ধমক...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত এক স্বৈৰাচাৰী শাসন চলিছে আৰু তাৰ অংশ হিচাপে বিহালী আৰু চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত ভোটাৰক ভাবুকি প্ৰদান কৰা আৰু ৰিগিং কৰাৰ অভিযোগ আহিছে।

author-image
Asomiya Pratidin
New Update
বিজেপিক সমালোচনা ভূপেন বৰাৰ

 

ডিজিটেল সংবাদ, গুৱাহাটী :  উপ-নিৰ্বাচনত ঠায়ে ঠায়ে শাসকীয় দলে ভোটাৰক হাৰাশাস্তি কৰাৰ লগতে ৰিগিং কৰাৰ যি অপচেষ্টা চলাইছে তাৰ তীব্ৰ বিৰোধিতা কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। এক বিবৃতিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত এক স্বৈৰাচাৰী শাসন চলিছে আৰু তাৰ অংশ হিচাপে বিহালী আৰু চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত ভোটাৰক ভাবুকি প্ৰদান কৰা আৰু ৰিগিং কৰাৰ অভিযোগ আহিছে।

এনে অভিযোগৰ সত্যাসত্যতা বিচাৰ কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত দাবী জনাই বৰাই কয় যে বিহালী সমষ্টিৰ গাংমৌ এলেকাত সাংসদ ৰঞ্জিৎ দত্তই ভোটাৰক দাবী-ধমকি দিছে। একেদৰে চামগুৰি সমষ্টিৰ কেবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰক ভয়-ভাবুকি প্ৰদান কৰাৰ লগতে ৰিগিং কৰাৰ অপচেষ্টা চলাইছে।

বৰাই কয়, চামগুৰিৰ ১০টা ভোটগ্ৰহণ কেন্দ্ৰত ব্যাপক হাৰত অনিয়মৰ অভিযোগ উঠিছে। সমষ্টিটোৰ ৬নং ভগামুখ মোক্তাব স্কুল, ৫নং ভগামুখ মোক্তাব স্কুল, ৬নং পশ্চিম শালপাৰা মোক্তাব স্কুল, ৪০নং পুঠিখাইতি প্ৰাথমিক বিদ্যালয় কেন্দ্ৰ, ৪১ নং পুঠিখাইতি পশ্চিম খণ্ড, ৮৮নং কুশল কোঁৱৰ বালিকা প্ৰাথমিক বিদ্যালয় কেন্দ্ৰ, ৮৯নং শলমাৰী মোক্তাব স্কুল কেন্দ্ৰ, ৯০ নম্বৰ শলমাৰী পশ্চিম মোক্তাব স্কুল, ১৮১নং লাইলুৰি মোক্তাব স্কুল কেন্দ্ৰ, ১৮২ আৰু ১১৬নং লাইলুৰি মোক্তাব স্কুল পশ্চিম কেন্দ্ৰত ৰিগিং হোৱাৰ অভিযোগ আহিছে।

বিষয়টো নিৰ্বাচন আয়োগে গুৰুত্বসহকাৰে লৈ পৰ্যালোচনা কৰিব লাগে বুলি উল্লেখ কৰি বৰাই কয় যে আমি আৰম্ভণিৰে পৰা এই দুটা সমষ্টিত মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত নহব বুলি আশংকা কৰি আহিছিলো। সেইবাবে উক্ত সমষ্টিকেইটাত স্পৰ্শকাতৰ এলেকা হিচাপে গণ্য কৰি ভোটকেন্দ্ৰসমূহত পৰ্যাপ্ত পৰিমাণৰ চিচিটিভি আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিবলৈ নিৰ্বাচন আয়োগক অনুৰোধ জনাইছিলো।

কিন্তু চৰকাৰৰ হাতৰ পুতলা হৈ পৰা নিৰ্বাচন আয়োগে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ নকৰাৰ এক দৃষ্টান্ত ৰাখিলে। প্ৰয়োজন হলে চিচিটিভি ফুটেজ পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈকো বৰাই দাবী জনায়।

কংগ্ৰেছ ভূপেন বৰা চামগুৰি উপ নিৰ্বাচন