ডিজিটেল সংবাদ,নগাঁওঃ নগাঁও জিলাৰ জামুগুৰিৰ ধৰ্মপ্ৰাণা মহিলা ৰিলিমা বৰদলৈ(৭০)ৰ বুধবাৰে পুৱা নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে । দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি ঘৰতে চিকিৎসাধীন অৱস্থাত থকা প্ৰয়াত বৰদলৈ এগৰাকী বিনয়ী আৰু সৰবৰহী মহিলা হিচাপে অঞ্চলটোত পৰিচিত আছিল ।
লোক নিৰ্মাণ বিভাগৰ অৱসৰী বিষয়া তথা সমাজকৰ্মী প্ৰয়াত নিৰ্জ্জু বৰদলৈৰ পত্নী আছিল সদ্যপ্ৰয়াত বৰদলৈ। সামাজিকভাৱে অগ্ৰণী ৰিলিমা বৰদলৈৰ মৃত্যুত বেবেজীয়া প্ৰেছ ক্লাব, সামাজিক-সাংস্কৃতিক অনুষ্ঠান সৃষ্টি ,নগাঁও ইলেক্ট্ৰ'নিক মিডিয়া এচ'ছিয়েশ্বন, সুৰৰ পানচৈ শিল্পী সমাজ, জংগম আদিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে ।
মৃত্যুৰ সময়ত তেওঁ পুত্ৰ-বোৱাৰী,জীয়ৰী,নাতি-নাতিনী আদিক ইহসংসাৰত এৰি থৈ যায়। উল্লেখ্য যে, প্ৰয়াত ৰিলিমা বৰদলৈ "নিয়মীয়া বাৰ্তা" কাকতৰ বেবেজীয়াৰ সংবাদদাতা প্ৰাঞ্জল বৰদলৈৰ মাতৃ ।