বৰগাঙত দ্ৰুতবেগী বাহনৰ খুন্দাত নিহত চাইকেল আৰোহী....

বৰগাঙত দ্ৰুতবেগী বাহনৰ খুন্দাত নিহত চাইকেল আৰোহী....
Published on
Updated on

ডিজিটেল সংবাদ, বিহালীঃ দেওবাৰে বিহালীৰ বৰগাঙত এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। বৰগাঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শুকান সুঁতি দলঙৰ সমীপত AS 07 S 6090 নম্বৰৰ এখন বাহনে মহতিয়াই নিলে এজন চাইকেল আৰোহীক। ফলত গুৰুতৰভাৱে আহত হয় চাইকেল আৰোহীজন।

উল্লেখযোগ্য যে আহত আৰোহীগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও ইতিমধ্যে চিকিৎসকে মৃত ঘোষণা কৰে । মৃত লোকজন বিহালীৰে গাংমৌথানৰ চিত্তৰঞ্জন চৰকাৰ বুলি চিনাক্ত কৰা হৈছে। বৰগাঙ আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰাৰ লগতে মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।

বৰগাঙত দ্ৰুতবেগী বাহনৰ খুন্দাত নিহত চাইকেল আৰোহী....
নিযুক্তিৰ অভাৱত বন্ধ হৈ আছে চলচলি জলাহগাঁৱৰ অংগনাবাড়ী কেন্দ্ৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in