যোগীঘোপাত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত যুৱকৰ মৃত্যু

যোগীঘোপাত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত যুৱকৰ মৃত্যু
Published on
Updated on

ডিজিটেল ডেস্কঃ যোগীঘোপাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। যোগীঘোপাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'য় এই দুৰ্ঘটনাটো। দুৰ্ঘটনাটো নিহত হয় এজন যুৱক। মৃত যুৱকজনৰ নাম আমিৰুল ইছলাম। আমিৰুল ইছলামৰ ঘৰ যোগীঘোপাৰ ইছলামপুৰত।

শুকুৰবাৰে নিশা নিজ কৰ্মস্থলীৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত তীব্ৰবেগী ট্ৰাকে খুন্দাৰ ফলত সংঘটিত হোৱা দুৰ্ঘটনাটোত মৃত্যু হয় যুৱকজনৰ। যোগীঘোপাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যধে মধে পৰি থকা ডিভাইদাৰৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ।

যোগীঘোপাত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত যুৱকৰ মৃত্যু
কেবিনেট বৈঠক: ব্যক্তিগত বিদ্যালয়ত ২৫% আসন দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে সংৰক্ষণ কৰা হ'ব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in