ডিজিটেল সংবাদ, শিলচৰ: কাছাৰৰ কাবুগঞ্জত শনিবাৰে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। বাইক আৰু স্কুটীৰ সংঘৰ্ষত চাৰিজন লোক গুৰুতৰভাৱে আহত হয় । ইয়াৰে তিনিজনৰ অৱস্থা গুৰুতৰ।
শনিবাৰে দিনৰ প্ৰায় ১ বজাত ৩০৬ নং শিলচৰ-আইজল ৰাষ্ট্ৰীয় পথৰ কাবুগঞ্জ জনতা মহাবিদ্যালয়ৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। স্থানীয় লোকে আহতসকলক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, স্কুটীখনত এজন যুৱক আৰু এগৰাকী ছোৱালী আছিল, আনহাতে বাইকখনত দুজন যুৱক আছিল। স্কুটীখনত থকা লোক দুজন হৈছে কাপ্তানপুৰৰ ছিদ্দিক আহমেদ (১৮) আৰু উলামা বেগম (২০)।
বাইকখনত থকা লোক দুজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। ইফালে খবৰ পোৱাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্হিত হৈ দুৰ্ঘটনাগ্ৰস্ত গাড়ী দুখন উদ্ধাৰ কৰি নিজৰ জিম্মাত লৈ যায়।
Also Read: চাপৰত আলোকৰে যাত্ৰাৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা...