ডিজিটেল সংবাদ: সোমবাৰে নিশা কলগাছিয়াৰ চৰিয়তপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ২নং বিকল্প ৰাজ্যিক ঘাইপথৰ চৰিয়তপুৰত সংঘটিত হয় এই ভয়াৱহ পথ দূৰ্ঘটনাটো। AS 02CC 9950 নম্বৰৰ মালবাহী ট্ৰাক আৰু AS 01DW 7105 পালছাৰ বাইকৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনা।
এই পথ দুৰ্ঘটনাত অসম ঔদ্যোগিক সুৰক্ষা বাহিনীৰ জোৱান হৰিহৰ কলিতা গুৰুতৰভাৱে আহত হয়। অসম ঔদ্যোগিক সুৰক্ষা বাহিনীৰ জোৱান হৰিহৰ কলিতাৰ ঘৰ বৰপেটাৰ ভৱানীপুৰত।
উল্লেখ্য যে স্থানীয় ৰাইজে প্ৰতক্ষ্য কৰাৰ লগে লগে স্থানীয় ৰাইজে হৰিহৰ কলিতাক সংকটজনক অৱস্থাত বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটালত ভৰ্তি কৰে বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মালবাহী ট্ৰাক আৰু পালছাৰ বাইকখন জব্দ কৰি কলগাছিয়া আৰক্ষী থানাত লৈ যায় বুলি জানিব পৰা গৈছে।
Also Read: পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে ৰহঢলা-মিছামুখ অঞ্চলৰ ৰাইজক