লংকা-নগাঁও সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা: থিতাতে নিহত এজন

ROAD ACCIDENT
ROAD ACCIDENT
Published on
Updated on

ডিজিটেল সংবাদ, লংকা: সোমবাৰে নিশা লংকা-নগাঁও সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰিলাইন্স পেট্রল পাম্পৰ সন্মুখত পথ দুৰ্ঘটনা সংঘটিত হয়। এখন চলন্ত ট্ৰাকত এখন বাইকে খুন্দা মৰাৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো।

ট্ৰাকখনে ৰিলাইন্স পেট্রল পাম্পত সোমোওতেই পিছফালৰ খুন্দা মাৰে বাইকখনে।ফলত বাইকত অহা দুজন যুৱকৰ ভিতৰত এজন থিতাতে নিহত হোৱাৰ লগতে আনজন গুৰুতৰভাৱে আহত হয়। জানিব পৰামতে মৃত যুৱকজনৰ নাম আইজুল হক। ঘৰ কাকীৰ ৩নং ঠাইচুপাৰত।

নিশায়ে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ট্ৰাকখন জব্দ কৰে। ইতিমধ্যেই,আৰক্ষীয়ে মৃতদেহটোও ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।।

ROAD ACCIDENT
বিশিষ্ট শিক্ষাবিদ ড° ৰবীন শৰ্মাৰ দেহাৱসান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in