বালিপাৰাত পৰ্যটক কঢ়িয়াই অনা বাহন দুৰ্ঘটনাগ্ৰস্তঃ ১৪ জন আহত, দুজনৰ অৱস্থা সংকটজনক...

author-image
Asomiya Pratidin
New Update
বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

road accident road accident

ডিজিটেল ডেস্কঃ শোণিতপুৰৰ চাৰিদুৱাৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। পৰ্যটক কঢ়িয়াও অনা এখন বাহন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ১৪ জনকৈ পৰ্যটক আহত হৈছে।

আমাৰ হাতত পৰা প্ৰাথমিক খবৰ অনুসৰি কলকাতাৰ পৰা আহিছিল পৰ্যটকৰ এটা দল। এই দলটোক এখন ট্ৰেভেলাৰে কঢ়িয়াই নিছিল। যাত্ৰা পথত এখন স্কুটীৰে হোৱা সংঘৰ্ষৰ ফলত ট্ৰেভেলাৰখন এটা দ' খাৱৈত বাগৰি পৰে।

দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰখনৰ নম্বৰAS-01-KC-2146। এই দুৰ্ঘটনাত মুঠ ১৪ জন লোক আহত হোৱাৰ লগতে দুজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। আহত আটাইকেইজনকে তেজপুৰ মেডিকেল কলেজলৈ চিকিৎসাৰ বাবে লৈ যোৱা হৈছে

assam sonitpur road accident balipara