চাৰিদুৱাৰত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন, আহত ৬জন

চাৰিদুৱাৰত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন, আহত ৬জন
Published on
Updated on

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ দেওবাৰে শোণিতপুৰৰ চাৰিদুৱাৰত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। ভালুকপুঙৰ পৰা অহা AS-12-E- 9543 নম্বৰৰ এখন টেম্পো বাহনে পথত ৰখাই থোৱা এখন ট্ৰেক্টৰত খুন্দিওৱাৰ ফলত থিতাতে নিহত হয় টেম্পোত থকা এজন যুৱক। আহত হয় টেম্পোখনত থকা ৬ জন আৰোহী।

জানিব পৰামতে টেম্পোখনত থকা আৰোহীকেইজন ভালুকপুঙৰ পৰা বনভোজ খাই উভতি আহিছিল। উল্লেখ যে ট্ৰেক্টৰখনে অবৈধভাৱে বালি কঢ়িয়াই আনিছিল ।

নিহত যুৱকজনৰ নাম জোন কলিতা বুলি জানিব পৰা গৈছে। আনহাতে গুৰুতৰভাৱে আহত গৌতম দাস, দীপাংকৰ দাস, লুকুমনি ডেকা, সুশীল বৰা, দিগন্ত দাস আৰু নয়নজ্যোতি দাস। গুৰুতৰভাৱে আহত আটাইকেইজনকে অতি সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

চাৰিদুৱাৰত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন, আহত ৬জন
মানকাচৰত কৃত্ৰিম বানত জলমগ্ন চৰকাৰী কাৰ্যালয়-মহাবিদ্যালয়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in